NORTHEAST NOW (Assamese)

অৱশেষত কলঙত পেলাই দিয়া ৰত্না আগৰৱালাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

August 11, 2018 10:27 pm · মিণ্টু দাস
Updated: August 11, 2018 10:40 pm

অৱশেষত আজি অৰ্ধগলিত অৱস্থাত ৰত্না আগৰৱালাৰ মৃতদেহ উদ্ধাৰ হ’ল। কলঙৰ সোঁতে উটুৱাই নিয়া আগৰৱালাৰ মৃতদেহ নগাঁৱৰ শেনছোৱাত উদ্ধাৰ হয়।

উল্লেখযোগ্য যে ৰোগীয়া মাতৃৰ খৰচ বহন কৰিব নোৱাৰি যোৱা মংগলবাৰে নিশা সুৰাসক্ত নিজৰ পুত্ৰ প্ৰমোদ আগৰৱালাই তেওঁক কলঙত পেলাই দিয়াৰ পিছত দুৰ্ভগীয়া বৃদ্ধাগৰাকীৰ সন্ধানত বুধবাৰৰ পৰা দুৰ্যোগ উপশম বাহিনীয়ে কলঙৰ বুকুত অভিযান অব্যাহত ৰাখিছিল।

তীব্ৰ আৰ্থিক অনাটনৰ বাবেই মাতৃক কলঙৰ বুকুত দলিয়াই আত্মহত্যাৰ চেষ্টা চলোৱা প্ৰমোদক আৰক্ষীয়ে আদালতত হাজিৰ কৰে আৰু আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ঘাতক পুত্ৰক কঠোৰ শাস্তি বিহিবলৈ বিভিন্ন নগাঁৱৰ বিভিন্ন দল-সংগঠনে দাবী জনাইছে।

আনহাতে, দুৰ্ভগীয়া বৃদ্ধাগৰাকীৰ একাংশ আত্মীয়ই প্ৰমোদ যুৱ অৱস্থাৰ পৰাই চৰম উশৃংখল আৰু সুৰাপায়ী আছিল বুলি অভিহিত কৰি কয় যে তেওঁৰ উশৃংখল স্বভাৱৰ বাবেই ঘৰৰ আন সদস্যসকলে ভাল পোৱা নাছিল। আনকি পত্নীয়ে তেওঁক এৰি থৈ আন পুৰুষৰ লগত পলাই যাবলৈ বাধ্য হয় বুলি মন্তব্য কৰি আত্মীয়সকলে প্ৰমোদৰ দৰিদ্ৰতাৰ কাৰণ তেওঁ নিজেই বুলি কয়।

উল্লেখযোগ্য যে যোৱা মংগলবাৰে নিশা বৃদ্ধা মাতৃক এখন ই-ৰিক্সাত বহুৱাই প্ৰমোদে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙত পেলাই দি আত্মহত্যাৰ বৃথা চেষ্টা চলাইছিল। ই-ৰিক্সাৰ চালক হাচান আলীৰ তৎপৰতাত এই সকলো কথা পোহৰলৈ আহিছিল।

Related News