অসম পালেহি পশ্চিমবংগত সতীৰ্থৰ গুলীত নিহত দুই অসম ৰাইফলছৰ জোৱানৰ নশ্বৰ দেহ

আজি পুৱতি নিশা গুৱাহাটী পালেহি পশ্চিম বংগত সতীৰ্থৰ গুলীত নিহত হোৱা দুই অসম ৰাইফলছৰ জোৱান ক্ৰমে ভোলা নাথ দাস আৰু অনিল ৰাজবংশী। সতীৰ্থ লক্ষ্মীকান্ত বৰ্মনৰ গুলীত নিহত হৈছিল অসম আৰক্ষীৰ ৭ নম্বৰ বেটেলিয়নৰ উপ-পৰিদৰ্শক নগাঁৱৰ ভোলা নাথ দাস আৰু ডিব্ৰুগড়ৰ অনিল ৰাজবংশী।

আজি পুৱতি নিশা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি পোৱাৰ পিছতে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াই নিহত দুই আৰক্ষী বিষয়াকে শ্ৰদ্ধাঞ্জলি জনায়। আৰু পুৱতি নিশাই দুয়োৰে নশ্বৰ দেহ নিজ নিজ বাসগৃহলৈ লৈ যোৱা হয়।

উল্লেখযোগ্য যে পশ্চিম বংগৰ হাওৰা জিলাত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত আছিল অসম ৰাইফলছৰ কেইবাজনো জোৱান। সেই সময়তে লক্ষীকান্ত বৰ্মন নামৰ সতীৰ্থজনে বয়ংক্ৰিয় আই এন এচ এ এচ (Automatic INSAS) ৰাইফলেৰে ১৩ জাঁই গুলী ফুটাই। বৰ্মনৰ গুলীত এচ আই ভোলানাথ দাসৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু অনিল ৰাজবংশী গুৰুতৰভাৱে আহত হৈছিল। পিছতে তেওঁৰো চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

গুলী চালনা কৰা তথা অভিযুক্ত লক্ষ্মীকান্ত বৰ্মনৰ ঘৰ নলবাৰী জিলাত বুলি জানিব পৰা গৈছে।