NORTHEAST NOW (Assamese)

হত্যা নে আত্মহত্যা! দীঘলীপুখুৰীত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

February 28, 2022 3:56 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী
Updated: February 28, 2022 3:57 pm

গুৱাহাটী মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আজি পুৱাই দীঘলীপুখুৰীত উদ্ধাৰ হয় এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ ।

পানীত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো পুৰুষৰ মৃতদেহ।

একাংশ লোকে সন্দেহ কৰা অনুসৰি কোনোৱাই হত্যা কৰি লোকজনক দীঘলীপুখুৰীত পেলাই থৈ যাব পাৰে।

একাংশই আকৌ লোকজনে পানীত জঁপিয়াই আত্মহত্যা কৰিব পাৰে বুলিও সন্দেহ ব্যক্ত কৰিছে।

সকলো কথা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে স্পষ্ট হ’ব।

বৰ্তমানেও মৃতদেহটো সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত পাণবজাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Related News