নগাঁৱৰ শেনচোৱাত নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ পৰিয়ালৰ

Dibakar das

নগাঁও জিলাৰ হয়বৰগাঁ‌ও আৰক্ষী চকীৰ অন্তৰ্গত শেনচোৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীত আজি পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ শেনচোৱা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহটোক নগাঁৱৰ মহমৰীয়া অঞ্চলৰ দিবাকৰ দাসৰ বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, টেণ্ট হাউচৰ কৰ্মচাৰী দিবাকৰ দাস নামৰ যুৱকজন যোৱা বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল। আজি তেওঁৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হোৱা আৰু মূৰত আঘাতৰ চিন থকা দেখি যুৱকজনৰ পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱা পুখুৰীটোৰ কাষতে থকা এখন ঘৰত আদ্যশ্ৰাদ্ধৰ উদ্দেশ্যে দিয়া পেণ্ডেলৰ কামত যুৱকজন কৰ্মৰত হৈ আছিল বুলি যুৱকজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে। তাৰ পৰাই যুৱকজন নিখোজ হৈ আছিল। তেওঁ নিখোজ হোৱাৰ দিনাই অৰ্থাৎ বৃহস্পতিবাৰেই মানুহঘৰত শ্ৰাদ্ধ অনুষ্ঠিত হৈছিল।

আনহাতে, শ্ৰাদ্ধ সম্পন্ন হোৱা ঘৰখনৰ লোসকলৰ লগতে পেণ্ডেলৰ মালিকে উক্ত যুৱকজনে তেওঁলোকৰ পেণ্ডেলত কাম নাই কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাত সমগ্ৰ বিষয়টো অধিক ৰহস্যজনক হৈ পৰিছে।

ইতিমধ্যে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।