চতিয়াত এসপ্তাহে সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

bbk

বিশ্বনাথৰ চতিয়াৰ যুৱক অশোক চাহানি ওৰফে জগ্গুৰ মৃতদেহ উদ্ধাৰ হৈছে ৷

প্ৰতাপগড় চাহবাগিচাৰ মুখৰগড়ৰ সমীপত ঘিলাধাৰী নৈত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷

জগ্গু চাহানি যোৱা বৃহস্পতিবাৰৰ পৰা ঘিলাধাৰী নৈত মাছ মাৰিবলৈ গৈ নিখোজ হৈ আছিল ৷
এসপ্তাহৰ অন্তত জগ্গুৰ মৃতদেহ আজি উদ্ধাৰ হয়।

ইতিমধ্যে জগ্গুৰ পিতৃয়ে পানীত ওপঙি থকা জগ্গুৰ মৃতদেহ চিনাক্ত কৰিছে ৷

SDRF বাহিনীয়েও ইতিমধ্যে দুদিন ধৰি জগ্গুৰ সন্ধানত অভিযান চলাইছিল ৷