NORTHEAST NOW (Assamese)

টীয়কৰ ঢেকীয়াখোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অচিনাকী মৃতদেহ উদ্ধাৰ

June 10, 2022 7:34 pm · এন ই নাও নিউজ,টীয়ক

টীয়কৰ ঢেকীয়াখোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আজি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে।

ইয়াকে লৈ সমগ্ৰ এলেকাটোতে ৰহস্যৰ সৃষ্টি হৈছে।

পিন্ধনত কেৱল এখন টাৱেল থকা মৃত লোকজনৰ বয়স অনুমানিক ৪৫ বছৰ মান হ’ব বুলি ধাৰণা কৰা হৈছে।

লোকৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

লাহদৈগড় আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও মৃত লোকজনৰ প্ৰকৃত পৰিচয় পাবলৈ এই পৰ্যন্ত সক্ষম হোৱা নাই ।

লোক জনক কোনোৱাই হত্যা কৰি পেলাই থৈ গ’ল নে আন কোনো কাৰণত তেওঁৰ মৃত্যু হৈছে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে।

আৰক্ষীৰ তদন্ততহে সকলো কথা পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে।

Related News