হত্যা নে আত্মহত্যা? কপিলী নৈৰ পাৰঘাটত উদ্ধাৰ নৱ বিবাহিতাৰ মৃতদেহ

a 123

জাগীৰোডৰ সমীপৰ কপিলী নদীৰ ৰজাকুছি পাৰঘাটত  পুৱা ৰাইজৰ মাজত হুৱা দুৱা লাগে।

হুৱা-দুৱা লগাৰ কাৰণ হ’ল এটা মৃতদেহ।

পুৱাই নদীৰ পাৰত এটা মৃতদেহ ভাঁহি থকা প্ৰত্যক্ষ কৰে নদীলৈ অহা এজন লোকে।

খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনাৰ বিষয়ে লগে লগে আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লয়।

অনুসন্ধানৰ পিছত   আৰক্ষীয়ে মৃতদেহটো  ধৰমতুল থানাৰ অন্তৰ্গত মান্টাবৰী গাঁৱৰ  বিক্ৰম ৰংহাঙৰ পত্নী উৰ্মিলা বৰদলৈৰ  বুলি  চিনাক্ত কৰে।

জানিব পৰা মতে ২৭ জানুৱাৰীত ঘৰুৱা কন্দলৰ বাবে নৱবিবাহিতা পত্নী উৰ্মিলা বৰদলৈ ঘৰৰ পৰা ওলাই আহিছিল।

আতিগাঁৱৰ  প্ৰেমাকান্ত বৰদলৈৰ কন্যা উৰ্মীলা বৰদলৈ তিনিমাহৰ আগতে বিক্ৰম ৰংহাঙৰ সৈতে  বিবাহপাশত আবদ্ধ হৈছিল।

বিয়াৰ পিছৰে পৰা গৃহ কন্দলত জুৰুলা হৈ পৰিছিল বুলি স্থানীয় একাংশ লোকে মন্তব্য কৰিছে।

ঘৰুৱা অশান্তিৰ বাবেই নৱবিবাহিতা উৰ্মিলাই আত্মহত্যা কৰিছে নে তেওঁক কোনোৱাই হত্যা কৰিছে সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।

ইফালে ঘটনাস্থলীত প্ৰশাসন তথা আৰক্ষী লোক উপস্থিত হৈ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।