ধুমুহাৰ গতিৰে চলিছিল বাছখন, পথৰ পৰা ছিটিকি গৈ পৰিল খাৱৈত; ২৯ জনৰ মৃ্ত্যু, আহত ১৭

ফটো: সংগ্ৰহীত।

যাত্ৰীৰে ঠাহ খাই থকা বাছখন দ্ৰুতগতিত চলিছিল। এখন এখনকৈ গাড়ীক অভাৰটেক কৰি গাড়ীখন ধুমুহাৰ গতিৰে আগবাঢ়ি গৈছিল। বহু যাত্ৰীয়ে গতি কমাই দিবলৈ অনুৰোধ জনাইছিল। কিন্তু গুৰুত্বই নিদিলে চালকে। কিছু মুহূৰ্তৰ পিছতে ঘটিল ভয়ংকৰ পৰিণতি। পাহাৰীয়া পথৰ পৰা গোটেই বাছখন ছিটিকি গৈ খাৱৈত বাগৰি পৰে। থিতাতে মৃত্যু হয় কমেও ২৯জন যাত্ৰীৰ। আন ১৭ জন লোক গুৰুতৰভাৱে আহত হয়।

ইতিমধ্যে এই দুৰ্ঘটনাটোৰ ছবিত দেখা গৈছে যে বাছখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। বাছখন এফালে দ খাৱৈত পৰি আছে। বুধবাৰে মেক্সিকোৰ দক্ষিণৰ অ’আক্সাকা চহৰত সংঘটিত হয় এই দুৰ্ঘটনা।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ আন এগৰাকী অসম সন্তান উজ্জল ভূঞাৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি, বুধবাৰে পুৱা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। মেক্সিকোৰ এটা স্থানীয় পৰিবহণ কোম্পানীয়ে চলায় এই বাছখন। মঙলবাৰে নিশা মেক্সিকো চহৰৰ পৰা বাছখনে চেণ্টিয়াগো ডি ইয়োসিনডোয়া অভিমুখে ৰাওনা হয়। বাছখনত কিমানজন যাত্ৰী আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

এই দুৰ্ঘটনাত ২৯ জন লোকৰ মৃত্যু হয়। আহত ১৭ জন লোক। আহতসকলক চিকিৎসাৰ বাবে বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ ভিতৰত কমেও ৬ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

প্ৰাথমিক তদন্তৰ কোৱা হৈছে যে যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছিল। তীব্ৰবেগী বাছখনৰ চালকজনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। অলপ পিছতে পাহাৰীয়া পথৰ পৰা বাছখন বাগৰি ৮০ ফুট দ খাৱৈত বাগৰি পৰে। চিধাই মুখ উবুৰি খাই পৰাৰ বাবে বাছখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে।

লগতে পঢ়ক: উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম; এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস

উল্লেখ্য যে মেক্সিকোত প্ৰায়ে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গৰিষ্ঠসংখ্যক দুৰ্ঘটনা বেয়া, সংকীৰ্ণ পথ আৰু বিপজ্জনক পাহাৰীয়া সংযোগস্থলৰ বাবেই সংঘটিত হয়। গতিবেগ, চালকৰ গাফিলতি বা গাড়ীৰ অৱস্থা বেয়া হোৱাৰ বাবেও বহু দুৰ্ঘটনা সংঘটিত হয়।