NORTHEAST NOW (Assamese)

চুডানৰ চিকিৎসালয়ত মাৰাত্মক ড্ৰোন আক্ৰমণঃ ৬৭ জন লোক নিহত

January 26, 2025 11:16 am · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ আফ্ৰিকাৰ দেশ চুডানৰ এখন চিকিৎসালয়ত ড্ৰন আক্ৰমণ কৰা হয়। এই ভয়াবহ আক্ৰমণত ৬৭ জন লোকৰ মৃত্যু হয়। আৰু বহু লোক আহত হয়। যোৱা শুকুৰবাৰে সংঘটিত হয় এই আক্ৰমণ।

দেশখনৰ দাৰফুৰ অঞ্চলৰ চিকিৎসালয়খনৰ আক্ৰমণত প্ৰথমে ৩০ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছিল যদিও পাছত মৃত্যুৰ সংখ্যা ৬৭ লৈ বৃদ্ধি পায়। সংবাদ সংস্থা এ এফ পি আৰু সংবাদ মাধ্যম আল জাজিৰায়ে শনিবাৰে (২৫ জানুৱাৰী) নিশা পৃথক পৃথক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰে।

আল জাজিৰাই কয় যে শুকুৰবাৰৰ আক্ৰমণত ৬৭ জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে বুলি শনিবাৰে স্থানীয় কৰ্মী আৰু চিকিৎসা সূত্ৰই এএফপিক জনায়। চুডানৰ দাৰফুৰ অঞ্চলৰ এল-ফাশ্বাৰৰ শেষৰখন কাৰ্যক্ষম চিকিৎসালয়ৰ ভিতৰত এখনত ড্ৰন আক্ৰমণ আৰু হতাহতি সংঘটিত হয়।

আক্ৰমণৰ ভয়ত নাম প্ৰকাশ নকৰাকৈ শনিবাৰে এএফপিকদিয়া এক সূত্ৰই কয় যে কালি ড্ৰন আক্ৰমণত আহতসকলৰ ভিতৰত আজি আৰু ৩৭ জন লোকৰ মৃত্যু হৈছে, যাৰ ফলত মৃত্যুৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি পাইছে।

শনিবাৰে আঞ্চলিক ৰাজ্যপাল মিনি মিনাৱীয়ে তেওঁৰ এক্স একাউণ্টত ৰক্তাক্ত মৃতদেহৰ গ্ৰাফিক ফটো পোষ্ট কৰে। তাত তেওঁ কয় যে এই আক্ৰমণত মহিলা আৰু শিশুকে ধৰি ৭০ জনতকৈ অধিক ৰোগীক “নিঃশেষ কৰা হৈছে।

ডেৰ বছৰতকৈ অধিক সময় ধৰি চুডান গৃহযুদ্ধত জড়িত হৈ আছে আৰু যুদ্ধংদেহী দল দুটাৰ ভিতৰত কোনটোৱে এই আক্ৰমণ চলাইছিল সেয়া তৎক্ষণাত স্পষ্ট হোৱা নাছিল। চুডানৰ সেনাই অৰ্ধসামৰিক বাহিনী আৰ এছ এফৰ সৈতে যুঁজি আছে। ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা আৰ এছ এফে দাৰফুৰৰ প্ৰায় সমগ্ৰ বিশাল পশ্চিম অঞ্চল দখল কৰিছে।

যোৱা বছৰৰ মে মাহৰ পৰা উত্তৰ দাৰফুৰ প্ৰদেশৰ ৰাজধানী এল-ফাশ্বাৰকো আৰ এছ এফে ঘেৰাও কৰি আহিছে যদিও সেনাৰ সৈতে জড়িত সশস্ত্ৰ সংগঠনে বাৰে বাৰে নিজৰ যোদ্ধাসকলক পিছুৱাই যাবলৈ বাধ্য কৰাইছে আৰু চহৰখন দখল কৰিবলৈ বাধা দিছে।

এনে পৰিস্থিতিত এল-ফাশ্বাৰত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ ওপৰতো আক্ৰমণ ব্যাপক হৈ পৰিছে। চিকিৎসা প্ৰদান কৰা চেৰিটি চিকিৎসকসকলে এই মাহত কয় যে তাত থকা চৌদি চিকিৎসালয়খনেই হৈছে “এতিয়াও অস্ত্ৰোপচাৰৰ ক্ষমতা থকা একমাত্ৰ চৰকাৰী চিকিৎসালয়

চৰকাৰী পৰিসংখ্যা অনুসৰি এই আফ্ৰিকান দেশখনৰ ৮০ শতাংশ পৰ্যন্ত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি এই সংঘাতৰ বাবে বন্ধ হবলৈ বাধ্য হৈছে।

মন কৰিবলগীয়া যে ২০২৩ চনৰ ১৫ এপ্ৰিলত চুডানত ক্ষমতা দখলৰ বাবে সেনা আৰু অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ মাজত ৰক্তাক্ত সংঘৰ্ষৰ সৃষ্টি হৈছিল। দুয়োটা শক্তিৰ এই সংঘাতত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে।

তদুপৰি আৰু লাখ লাখ লোকে ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে।

Related News