নগাঁও চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ছয়জন লোক নিহত

Chamaguri road accident

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া তিনি আলিৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা প্ৰায় ১১:১৫ বজাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ছয়জন লোক নিহত হয়।

উজনিৰ পৰা নগাঁও অভিমুখে আহি থকা বি আৰ ০১ বি টি ১৬১৯ নম্বৰৰ ওৱেগনাৰ গাড়ীখনৰ লগত গুৱাহাটী  পৰা উজনী অভিমুখে গৈ থকা এ এছ ০৩ বি চি ২৩৫৫ নম্বৰৰ চিমেন্ট ভৰ্তি ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ লাভ কৰি চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ থিতাতে নিহিত তিনিজন লোকক উদ্ধাৰ কৰাৰ লগতে সংকটজনক অৱস্থাত থকা ৪ গৰাকীক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও উক্ত চিকিৎসালয়তে দুজন লোকৰ মৃত্যু ঘটে।

আনহাতে আন দুজন লোকক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল যদিও আধা বাটতে ইয়াৰে এজনৰ মৃত্যু ঘটে। অৱশ্যে আনগৰাকী লোক বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে। তেওঁক চামগুৰি গেৰুৱামুখৰ তমিৰ উদ্দিনৰ পুত্ৰ আবু বক্কৰ চিদ্দিক (30) বুলি চিনাক্ত কৰা হৈছে।

পথ দুৰ্ঘটনাত নিহত অচিনাক্ত লোকজন

উল্লেখযোগ্য যে বাতৰি লিখা সময়লৈকে নিহত কেইজনৰ এজনক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই যদিও তেওঁক ওৱেগনাৰখনৰ চালক তথা বিহাৰৰ মুছলিম সম্প্ৰদায়ৰ হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

নিহত আনকেইজন লোকক ক্ৰমে চামগুৰি গেৰুৱামুখৰ চিৰাজ উদ্দিনৰ পুত্ৰ ৰছিদুল হক (২১), প্ৰয়াত মুনতাজ আলীৰ পুত্ৰ ছফিকুল ইছ্লাম (২৪), চাব আলীৰ পুত্ৰ আবু বক্কৰ চিদ্দিক (৩২), বাজিয়াগাঁও ভগামুৰৰ আব্দুল ৰহিমৰ পুত্ৰ ছৰিফুল ইছলাম (৩২) আৰু পুৰণিগুদাম ভীমগাঁৱৰ লক্ষীৰাম দাসৰ পুত্ৰ বলিন দাস (৩০) বুলি চিনাক্ত কৰা হৈছে।

ইপিনে নিহত অচিনাক্ত লোকগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৭২ ঘন্টা পৰ্যন্ত ৰখা হ’ব বুলি জানিবলৈ দি প্ৰায় ৩৮-৪০ বছৰীয়া লোকজনক কোনো ব্যক্তিয়ে চিনি পালে ৯৪০১৩১৫৪৯৬ নম্বৰত যোগাযোগ কৰিবলৈ চামগুৰি আৰক্ষীয়ে আহ্বান জনায়।