NORTHEAST NOW (Assamese)

মাজুলীত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

September 11, 2018 6:15 pm · মিটু খাটনিয়াৰ

আজি অসমীয়া সামাজিক জীৱনৰ পৰম আৰাধ্য ব্যক্তি সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ১৫৬৮ চনৰ আজিৰ দিনটোতে বৰ্তমান পশ্চিম বংগৰ অন্তৰ্গত কোচ বিহাৰৰ ভেলাডোংগাত মহাপুৰুষজনাৰ মহাপ্ৰয়াণ ঘটিছিল বুলি ধৰা হয়।

মহাপুৰুষ শংকৰদেৱে অসমীয়া জাতি গঠনৰ লগতে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি বৃহত্তৰ অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু ঐক্য-সংহতিৰ ডোলেৰে বান্ধি ৰাখিছিল।

এই উপলক্ষে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীতো পালন কৰা হৈছে ৷

মাজুলীৰ ইমূৰৰ পৰা সিমূৰলৈ ভকত বৈষ্ণৱসকলে উলহ-মালহেৰে গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰে। এই উদ্দেশ্যে মাজুলীৰ ৩৫ খন সত্ৰ আৰু ২০০ তকৈ অধিক নামঘৰত পুৱাৰে পৰা হৰিনামৰ ধ্বনি আৰু নাম-প্ৰংসগেৰে ভকত বৈষ্ণৱসকলৰ কণ্ঠত বৈছে ভক্তি ৰসৰ নিজৰা।

Related News