বটদ্ৰৱাত কিশোৰীক ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিয়া অপৰাধী জাকিৰক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

মৃত্যুদণ্ডৰ ৰায়

অপৰাধী জাকিৰ। ফাইল ফটো

বটদ্ৰৱাৰ জঘন্য বলাত্‍কাৰ তথা হত্যাকাণ্ডৰ ঘটনাৰ মূল অভিযুক্ত জাকিৰ হুছেইনক আজি মৃত্যুদণ্ডৰ ৰায় দিছে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে। এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাত্‍কাৰ কৰি কেৰাচিন ঢালি জ্বলাই দিছিল জাকিৰে।

যোৱা ২৩ মাৰ্চত দুগৰাকী নাবালকৰ সহযোগত জাকিৰে এই জঘন্য কাণ্ড সংঘটিত কৰিছিল। নগাঁৱৰ বটদ্ৰৱাৰ ধনীয়াভেটি লালুংগাঁৱত এই ঘটনা সংঘটিত হৈছিল।

দলবদ্ধ বলাত্‍কাৰৰ গোচৰত জাকিৰক POCSO আইনত যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ বিপৰীতে কিশোৰীগৰাকীক হত্যাৰ অপৰাধত আদালতে তেওঁক মৃত্যুদণ্ডৰ ৰায় দিয়ে।

উল্লেখযোগ্য যে ৰাজ্য জোকাৰি যোৱা নগাঁৱৰ বটদ্ৰৱাৰ ধনীয়াভেটি লালুংগাঁৱৰ বলাৎকাৰ আৰু হত্যাৰ ঘটনাত অভিযুক্ত জাকিৰ হুছেইনক যোৱা ৪ ছেপ্টেম্বৰত  নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশে দোষী সাব্যস্ত কৰিছিল।

সেইদিনাই ৭ ছেপ্তেম্বৰ অৰ্থাৎ আজি জাকিৰ হুছেইনৰ শাস্তি ঘোষণা কৰা হ’ব বুলি ঘোষণা কৰিছিল জিলা সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে।

জাকিৰক উক্ত গোচৰত দোষী সাব্যস্ত কৰাৰ বিপৰীতে আদালতে তেওঁৰ পিতৃ, মাতৃ আৰু ভনী জোঁৱায়েকক দোষমুক্ত বুলি ৰায়দান কৰিছিল।

আনহাতে, উক্ত ঘটনাটোৰ পিছতে পলায়ন কৰা নগাঁৱৰ ইটাপাৰা লাওগাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰা জাকিৰৰ বিৰুদ্ধে বটদ্ৰৱা থানাত ৰুজু হোৱা ৬৪/১৮ নম্বৰৰ গোচৰটোতে আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল।

নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধিৰ নেতৃত্বত গঠিত বিশেষ তদন্তকাৰী দলে তৎপৰতাৰে অভিযুক্ত জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগতে অগ্ৰাধিকাৰ ভিত্তিক তদন্তৰে আদালতত বিস্তৃত অভিযোগনামা দাখিল কৰিছিল।