• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃতকৰ সংখ্যা ৩০০ অতিক্ৰম! দুৰ্দশাগ্ৰস্ত ৱায়ানাডৰ উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা হৈছে ড্ৰ’ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2024 9:49 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2.6k
VIEWS
Share on FacebookShare on Twitter

ৱায়ানাড বাস্তৱিকতে ‘মৃত্যু উপত্যাকাত’ পৰিণত হৈছে। উদ্ধাৰৰ কাম যিমানে আগবাঢ়িছে, সিমানেই যেন বৃদ্ধি পাইছে মৃত্যুকাতৰ আৰ্তনাদ। ইতিমধ্যে মৃত্যুৰ সংখ্যা ৩০০ অতিক্ৰম কৰিছে।

শেহতীয়া তথ্য মতে ৩০৮ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে। কাৰণ এতিয়াও বহু লোকৰ সন্ধান পোৱা নাই। শুকুৰবাৰে পুৱাৰে পৰা উদ্ধাৰৰ কাম আৰম্ভ হৈছে। উদ্ধাৰ কাৰ্যত এইবাৰ ড্ৰ’নৰো ব্যৱহাৰ কৰা হৈছে।

মুণ্ডাক্কাই, চুৰামালা আৰু আট্টামালা, ৱায়ানাডৰ তিনিখন গাঁও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। এই আটাইকেইটা অঞ্চলতে সেনা, এন ডি আৰ এফ, ক’ষ্ট গাৰ্ড আৰু নৌসেনাই যৌথভাৱে অনুসন্ধান অভিযান আৰম্ভ কৰে।

লগতে পঢ়কঃ অলিম্পিকত সিন্ধুৰ পদক লাভৰ হেট্ৰিকৰ স্বপ্ন শেষ; প্ৰি-কোৱাৰ্টাৰত ষ্ট্ৰেইট গেমত পৰাস্ত হৈ ল’লে বিদায়

ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে মুণ্ডাক্কাই আৰু চুৰামালাত সন্ধানহীন হোৱা কোনো এজন ব্যক্তি জীয়াই নথকাৰ আশংকা প্ৰকাশ কৰিছে। অৱশ্যে সেনাই সন্ধানহীনক উদ্ধাৰ আৰু  যোগাযোগ ব্যৱস্থা স্বাভাৱিক কৰাৰ চেষ্টা চলাইছে।

বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰা মতে কেৰালাৰ দুৰ্যোগ এতিয়াও শেষ হোৱা নাই। কাৰণ অহা সোমবাৰলৈকে প্ৰচণ্ড বৰষুণ হ’ব পাৰে বুলি ভৱিষ্যদ্বাণী কৰা হৈছে। মূলতঃ মালাপ্পুৰম, কোজিকোড, কান্নুৰ অঞ্চলত বৰষুণ হ’ব। সেয়ে, নতুনকৈ ভূমিস্খলনৰ আশংকাও কৰা হৈছে।

এনে পৰিস্থিতিত উদ্ধাৰকাৰী দলটোক কেইবাটাও ভাগত বিভক্ত কৰি উদ্ধাৰৰ কাম সম্পন্ন কৰা হ’ব। স্থানীয় সূত্ৰ অনুসৰি প্ৰতিটো দলত তিনিজন স্থানীয় বাসিন্দা আৰু এজন বন বিভাগৰ কৰ্মী থাকিব।

নিৰীক্ষণমূলক ড্ৰ’নৰ উপৰিও সেনাই কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰীয় কাৰিকৰী গৱেষণা সংস্থাৰ পৰাও উন্নত সঁজুলি আৰু প্ৰযুক্তি বিচাৰি পঠিয়াইছে। ইয়াৰ ভিতৰত আছে এন টি আৰ অ’ৰ ৰেকো ৰেচকিউ চিষ্টেম আৰু ৰিম’ট চেন্সিং ইকুইপমেণ্ট। দৰাচলতে প্ৰতিকূল বতৰৰ বিৰুদ্ধে যুঁজি উদ্ধাৰ অভিযান চলোৱাটো তেওঁলোকৰ বাবে কঠিন হৈ পৰিছে।

লগতে পঢ়কঃ পানীত পৰি প্ৰতিদিনে মৃত্যু হয় ৩৫০ জন লোকৰ : স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন

লোকসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে ভূমিস্খলন কবলিত ৱায়ানাড ভ্ৰমণ কৰে। তেওঁৰ সৈতে আছিল ৱায়ানাডৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী।

Recent News

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd