চুলাইমদৰ বিষক্ৰিয়াত মৃতকৰ সংখ্যা ২৫জনলৈ বৃদ্ধি; চৰম অৱহেলাৰে চিকিৎসালয়ৰ বাহিৰত মুকলি আকাশৰ তলতে পেলাই ৰাখিছে মৃতদেহ

ঘটনাৰ তদন্ত কৰিবলৈ ১জনীয়া কমিটী গঠন অসম চৰকাৰৰ, ২জন আবকাৰী বিষয়াক নিলম্বন

গোলাঘাটৰ শালমৰা চাহবাগিচাত চুলাইমদৰ বিষক্ৰিয়াত আক্ৰান্ত একাংশ লোকৰ মাজৰ মৃতকৰ সংখ্যা বৃদ্ধি হৈয়ে আছে। এই পৰ্য্যন্ত চৰকাৰী হিচাপ মতে মুঠ ২৫জন লোকৰ মৃত্যু হৈছে। ১৮জন লোক গোলাঘাটৰ চহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আৰু ৭জন যোৰহাট মেডিকেল চিকিৎসা মহাবিদ্যালয়ৰ আৰু চিকিৎসালয়ত মৃত্যু হৈছে।

শালমৰা বাগিচাৰ এতিয়াও বহুকেইজন লোক চহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, যিকেইজনৰ ভিতৰত কেইবাজনো সংকটমুক্ত অৱস্থালৈ এতিয়াও অহা নাই।

আনহাতে চিকিৎসায়লখনত মৃতদেহবোৰ অতি আলৈ-আথানিকৈ পেলাই ৰখা দেখা গৈছে। “মৰ্গৰ বাহিৰত মুকলি আকাশৰ তলতে চৰম অৱহেলা আৰু অনাদৰ কৰি বহুকেইজনৰ মৃতদেহ পেলাই ৰখা দৃশ্য অতি অমানৱিক আৰু হতাশাজনক”, এজন প্ৰত্যক্ষদৰ্শীয়ে কয়।

ইপিনে ঘটনাটো সন্দৰ্ভত তদন্ত কৰিবলৈ অসম চৰকাৰে এখন এজনীয়া কমিটী গঠন কৰিছে। উজনি অসমৰ আয়ুক্ত, আই এ এছ বিষয়া জুলী সোণোৱালে তদন্ত কৰিব ঘটনাটোৰ আৰু ৩০ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। ৰাজ্য চৰকাৰৰ এটা সূত্ৰই এই কথা জনাইছে।

আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জনোৱা মতে, ইতিমধ্যে ২জন আবকাৰী বিষয়াক নিলম্বন কৰা হৈছে।

অতিৰিক্ত আবকাৰী আয়ুক্ত সঞ্জীৱ মেধিৰ নেতৃত্বত এটা ৪জনীয়া দল আজি ঘটনাস্থলীলৈ ৰাওনা হৈছে। দোষীৰ বিৰুদ্ধে ভিত্তিত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্ৰী শুক্লবৈদ্যই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।