NORTHEAST NOW (Assamese)

উমৰাংছ’ কয়লা খনিৰ ট্ৰেজেডী : চাৰিটালৈ বৃদ্ধি পালে উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা

January 11, 2025 2:45 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বিগত পাঁচ দিন ধৰি চলা উদ্ধাৰ অভিযানৰ অন্তত শনিবাৰে আৰু দুটা মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰীয়ে। ইয়াৰ পূৰ্বে দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল কয়লা খনিটোৰ পৰা।

এই প্ৰতিবেদন লিখা সময়লৈকে মৃত ব্যক্তি দুজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ভিডিঅ’ আৰু ফটোগ্ৰাফী নিষিদ্ধ কৰিছে। লগতে উদ্ধাৰ অভিযান চলি আছে।

জানিব পৰা মতে, আৰু পাঁচজন শ্ৰমিক এতিয়াও খনিৰ ভিতৰত আৱদ্ধ হৈ আছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৬ বছৰীয়া শ্ৰমিক লিজান মাগৰৰ মৃতদেহ খনিটোৰ পৰা উদ্ধাৰ কৰা হয়। আনহাতে নেপালৰ পৰা অহা শ্ৰমিক গংগা বাহাদুৰ শ্ৰেথৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰা হয়।

Related News