NORTHEAST NOW (Assamese)

অসমত ক’ৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯ গৰাকীলৈ বৃদ্ধি

August 3, 2020 7:46 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত পুনৰ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

আজি মৃত্যু হোৱা ক’ৰ’না আক্ৰান্ত ৰোগী কেইগৰাকী হৈছে ক্ৰমে- কামৰূপ মহানগৰ জিলাৰ সুব্ৰত পাত্ৰ(৪৫), শিৱসাগৰৰ হৰেণ মহন্ত(৬৫), তিনিচুকীয়া জিলাৰ সুকেন্দ্ৰ কুমাৰ তান্তী(৫৩) আৰু ডিব্ৰুগড় জিলাৰ মদন দত্ত(৮০)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে মৃত্যু হোৱা লোক চাৰিগৰাকীৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আজি মৃত্যু হোৱা লোক চাৰিগৰাকীৰ সৈতে অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯ গৰাকীলৈ বৃদ্ধি পালে।

Related News