দেওবাৰে ক’ৰ’নাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
এই কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি প্ৰকাশ কৰিছে।
আনকি চিকিৎসকৰ পৰামৰ্শক্ৰমে চিকিৎসালয়ত ভৰ্তি হোৱা বুলিও গৃহমন্ত্ৰী গৰাকীয়ে টুইটত প্ৰকাশ কৰিছে।
ইয়াৰ পিছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছী সাংসদ শশী থাৰুৰৱে আক্ৰমণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহক।
সাংসদ থাৰুৰৱে প্ৰশ্ন তোলে, এইমছত ভৰ্তি নহৈ গৃহমন্ত্ৰীয়ে এখন ব্যক্তিগত চিকিৎসালয়ত কিয় ভৰ্তি হ’ল?
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ মতে হাৰিয়ানাৰ গুৰগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিহোমত ভৰ্তি হোৱা বুলি জনাইছে।
উল্লেখ্য যে, দেশৰ ৰাজনীতিক তথা মন্ত্ৰীসকলক অসুস্থ হ’লে দিল্লীস্থিত সৰ্ব ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান(AIIMS)ত ভৰ্তি কৰোৱা হয়।
ইফালে দেশৰ গৃহমন্ত্ৰী হৈ অমিত শ্বাহে চৰকাৰী চিকিৎসালয়ত ভৰ্তি নহৈ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱাটোৱে দেশৰ চৰকাৰী চিকিৎসালয়ৰ ওপৰত মন্ত্ৰীজনাৰ আস্থাহীনতাকেই প্ৰতীয়মান কৰে বুলিও চৰ্চা লাভ কৰিছে।
তেনে সময়তে কংগ্ৰেছী সাংসদ শশী থাৰুৰৱে এক টুইট কৰি লিখিছে, “আমি বুজিব পৰা নাই গৃহমন্ত্ৰীয়ে এইমছত কিয় ভৰ্তি নহ’ল?”
থাৰুৰ মতে দেশৰ প্ৰথম শ্ৰেণীৰ জনপ্ৰতিনিধয়ে অসুস্থ হ’লে বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি হোৱাটো উচিত নহয়।
থাৰুৰ মতে চৰকাৰী প্ৰতিষ্ঠানসমূহত জনসাধাৰণৰ ভৰসা বা আস্থা বৃদ্ধিৰ কৰিবলৈ নেতা মন্ত্ৰীসকলে এক উদাহৰণ দাঙি ধৰা উচিত।