‘মদ নিষিদ্ধ’ বিহাৰত বিষাক্ত মদ খাই ১৬জনৰ মৃত্যু; কি কৰিছে নীতিশ চৰকাৰে?

poisonous liquor death

‘ড্ৰাই ষ্টেট’ ঘোষণা কৰা বিহাৰত বিষাক্ত মদ খাই মৃত্যু হৈছে ১৬জন লোকৰ। শুকুৰবাৰে এই কথা জানিবলৈ দিয়ে আৰক্ষীয়ে।

প্ৰশাসনে তদন্ত নিৰ্দেশ দিছে যদিও এই ঘটনাক লৈ পুনৰ জবাবদিহি হৈছে নীতিশ কুমাৰ নেতৃত্বাধীন মৰ্চা চৰকাৰ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৰাজ্যখনৰ চম্পাৰণ জিলাত বুধবাৰৰ পৰা এতিয়ালৈকে বিষাক্ত মদ খাই ১৬জন লোকে প্ৰাণ হেৰুৱাইছে। শুকুৰবাৰে বিষাক্ত সুৰা পান কৰাৰ ফলত ৮জন লোকৰ মৃত্যু হয়।

বাতৰি অনুসৰি, মৃতসকল মূলত চম্পাৰণ জিলাৰ দেউৰাৱয়া, জোগিয়া আৰু বাগাহি নামৰ তিনিখন গাঁৱৰ বাসিন্দা। এই ঘটনাৰ পাছত দুই মহিলাকে ধৰি পাঁচজন লোকক আৰক্ষীয়ে আটক কৰিছে।

এই ঘটনাক লৈ নীতিশ কুমাৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ।

লালু প্ৰসাদ যাদৱে চৰকাৰখনৰ বিৰুদ্ধে ‘নিচামুক্ত’ৰ নামত মদৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগ তুলিছে। ৰাজ্যখনত কমেও ২০ হাজাৰ কোটি টকাৰ অবৈধ মদৰ সমান্তাৰল বজাৰ চলা বুলিও দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে ২০১৬চনত মুখ্যমন্ত্ৰী নীতি কুমাৰে বিহাৰত মদ নিষিদ্ধ কৰিছিল। কিন্তু তাৰ ফলত ৰাজ্যখনত অবৈধ মদৰ ৰমৰমীয়া ব্যৱসায় চলাৰ অভিযোগ উঠিছে। যোৱা মাৰ্চ মাহতো বিষাক্ত মদ খাই ৮জন লোকৰ মৃত্যু ঘটিছিল।