জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

Debabrata-Saikia22

দেৱব্ৰত শইকীয়া। ফাইল ফটো।

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ সম্বোধন কৰিবলগীয়া জনসমাৱেশৰ পূৰ্বে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই মোদীয়ে পূৰ্বৰ নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ কিয় ৰূপায়ন কৰিব পৰা নাই সেই সম্পৰ্কে জনসভাত বিস্তৃতভাৱে উল্লেখ কৰাৰ বাবে আহ্বান জনাইছে।

বিগত নিৰ্বাচনৰ ভিজন ডকুমেণ্টত শিৱসাগৰৰ উন্নয়নক লৈ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি সমূহো পুনৰ বাৰে দেৱব্ৰত শইকীয়াই সোঁৱৰাই দিয়াৰ লগতে ইয়াক ৰূপায়নৰ বাবেও আহ্বান জনায়।

দেৱব্ৰত শইকীয়াই মোদীক সোঁৱৰাই দি ৰূপায়ন কৰিবলৈ আহ্বান জনোৱা শিৱসাগৰক লৈ কৰা প্ৰতিশ্ৰুতি সমূহ আছিল এনেধৰণৰ-

ক) ১৫৩০ গৰাকী শিক্ষক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি, যিটো আজিও ৰূপায়িত নহ’ল।

খ) চাহ জনগোষ্ঠীয় এলেকা, সীমান্তৱৰ্তী এলেকা তথা অন্যান্য পাছপৰা এলেকাত থকা বহুতো বিদ্যালয় প্ৰাদেশীকৰণ আইন অনুসৰি যোগ্য হোৱাৰ পাছতো আজি পৰ্যন্ত প্ৰাদেশীকৰণ কৰা নহ’ল।

গ) UPA চৰকাৰৰ সময়ত বিজয় সন্দিকৈ ডাঙৰীয়া যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল, তেতিয়া  সতী জেৰেঙা পথাৰত “সতী জয়মতী কলাক্ষেত্ৰ” নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছিল। কিন্তু পৰৱৰ্তীকালত চৰকাৰ সলনি হোৱাৰ পিছত, আজিলৈ ভাৰত চৰকাৰে এই কলাক্ষেত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে। সেয়েহে ইয়াৰ বাবে লাগতীয়াল পুঁজি দিবলৈ কালিৰ সভাখনতে ঘোষণা কৰিব লাগে।

ঘ)UPA চৰকাৰৰ সময়ত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী সকলক দক্ষতা প্ৰদান কৰাৰ লগতে সংস্থাপন দিয়াৰ বাবে “ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউট” নামৰ এটা অনুষ্ঠান আজিৰ পৰা ৮-৯ বছৰ আগতে স্থাপন কৰিছিল। যদিও তাত পাঠদান চলি আছে কিন্তু আন্তঃগাথঁনিৰ ক্ষেত্ৰত একেবাৰে পিছপৰি আছে। এই বিষয়ত মই ২০১৮ চনতেই প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু এতিয়া পুনৰ পত্ৰ প্ৰেৰণ কৰি তেখেতক মনত পেলাই দিছোঁ। সেয়েহে মোৰ আশা কালিৰ এই সভাখনতে তেখেতে ইয়াৰ বাবে লাগতীয়াল পুঁজিৰ ঘোষণা কৰি যাব।

ঙ) তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ সময়ত শিৱসাগৰত নিৰ্মিত “অসম ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ কো-অপাৰেটিভ মেনেজমেন্ট” অনুষ্ঠানটো আজি অতি পুতঃলগা অৱস্থাত আছে, ইয়াৰে ৩৪ জন শিক্ষকৰ পদ আজিও অসম চৰকাৰে অনুমোদন জনোৱা নাই আৰু স্থায়ী গৃহৰ বাবে প্ৰস্তাৱিত ২২ কোটি টকা আজিও ফাইলতে আৱদ্ধ হৈ আছে। যদিও আমি ইয়াৰ বাবে বহু বাৰ চৰকাৰক আৱেদন নিবেদন জনালো, তাৰ বাবে চৰকাৰৰ পৰা কোনো সহাঁৰি নাপালোঁ। আশা কৰোঁ কালি ইয়াৰ ওপৰত দুয়োখন ডাবল ইঞ্জিনৰ চৰকাৰে পুঁজি ঘোষণা কৰি যাব।

চ) যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাতে একোখন কৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ ঘোষণা কৰিছিল, সেয়েহে এই বছৰতে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰি দিয়ে।

ছ) তাৰ লগতে সমগ্ৰ অসমবাসীক যোৱা নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ যেনে, ৬ জনগোষ্ঠীৰ জনজাতি কৰণ, চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, ৫ লাখ‌নিবনুৱাক প্ৰতিবছৰে সংস্থাপন দিয়া, বানপানীক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰাৰ লগতে অন্যান্য প্ৰতিশ্ৰুতি সমূহ নিৰ্বাচনৰ পূৰ্বে ৰূপায়ন কৰিলোঁ বুলি শ্বেতপত্ৰ প্ৰকাশ কৰি জনাই তাৰ বাবে মই আহ্বান জনালোঁ।