NORTHEAST NOW (Assamese)

নাড্ডাৰ পিছত কোন হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি? শীঘ্ৰেই ঘোষণা হ’ব নাম!

February 28, 2025 1:06 pm · এন ই নাও নিউজ, নতুন দিল্লী
Updated: February 28, 2025 1:07 pm

জে পি নাড্ডাৰ উত্তৰাধিকাৰী কোন হ’ব? বিজেপিয়ে খুব সোনকালে সেয়া ঠিক কৰিব। জানিব পৰা মতে, দেশৰ ১২খন ৰাজ্যত বিজেপিৰ সাংগঠনিক নিৰ্বাচন সমাপ্ত কৰিছে। জে পি নাড্ডাৰ উত্তৰাধিকাৰ বিচাৰি উলিওৱাৰ কাম বাকী ৰৈছে। সূত্ৰ অনুসৰি অহা এমাহৰ ভিতৰত বিজেপিয়ে সেই উত্তৰাধিকাৰীক বিচাৰি উলিওৱাৰ কাম সম্ভৱতঃ সম্পূৰ্ণ কৰিব।

জানিব পৰা গৈছে যে ১৫ মাৰ্চৰ ভিতৰত বিজেপিৰ পৰৱৰ্তী সৰ্বভাৰতীয় সভাপতিৰ নাম ঘোষণা কৰা হ’ব। কাৰণ নাড্ডাৰ কার্যকালত কেইবাখনো ৰাজ্যৰ নির্বাচনত গেৰুৱা শিবিৰ সফল হৈছে৷ তাৰে এখন হ’ল দিল্লী। ২৭ বছৰৰ মূৰত তাত পুনৰ ক্ষমতালৈ আহিছে বিজেপি।

ইতিমধ্যে নাড্ডাৰ কাৰ্যকাল শেষ হৈছে। তাৰপিছতো নাড্ডাই দায়িত্ব চম্ভালি আছে। বিজেপিৰ সাংগঠনিক নিয়ম অনুসৰি তেওঁলোকৰ ৰাজ্যিক সভাপতিৰ নিৰ্বাচন সম্পূৰ্ণ নোহোৱালৈকে সৰ্বভাৰতীয় সভাপতিৰ নিৰ্বাচন আৰম্ভ কৰিব নোৱাৰি। দেশৰ কমেও ৫০ শতাংশ ৰাজ্যত ৰাজ্যিক সভাপতি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতহে নতুন সৰ্বভাৰতীয় সভাপতিৰ নাম ঘোষণা কৰিব বিজেপিয়ে।

এই পৰ্যন্ত মাত্ৰ ১২খন ৰাজ্যত এই কাম সম্পূৰ্ণ হৈছে। আৰু কমেও ছখন ৰাজ্যৰ ৰাজ্যিক সভাপতিৰ নাম চূড়ান্ত হোৱাৰ পাছতহে বিজেপিয়ে সৰ্বভাৰতীয় ৰাষ্ট্ৰপতি সন্দৰ্ভত সিদ্ধান্ত ল’ব।

অহা বছৰ অসম, তামিলনাডু,পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু গুজৰাটত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। আৰু বছৰৰ শেষত বিহাৰৰ নিৰ্বাচন। সেয়ে শীঘ্ৰে বিজেপিয়ে ঘোষণা কৰিব সভাপতিৰ নাম। এনে ধাৰণাই ৰাজনৈতিক মহলৰ।

উল্লেখ্য যে ২০২০ চনৰ জানুৱাৰী মাহত নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল।

Related News