NORTHEAST NOW (Assamese)

চামগুৰিৰ গেৰুৱাআটিত সুগৰি পহু উদ্ধাৰ

February 18, 2020 7:11 am · এন ই নাও নিউজ
উদ্ধাৰ হোৱা সুগৰি পহুটো।

নগাওঁ জিলাৰ শালনা বনাঞ্চিলক কাৰ্যালয়ৰ অধীনৰ আৰু খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাআটি অঞ্চলত সোমবাৰে পুৱা এটা সুগৰি পহু উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হয় ৷

জানিব পৰা মতে খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাআটি অঞ্চলৰ কটিয়াআটি গাৱঁৰ পথাৰত পুৱা স্থানীয় লোকে এটা সুগৰি পহু প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে সুগৰি পহুটো উদ্ধাৰ কৰি খাটোৱাল আৰক্ষী থানাৰ আৰক্ষীৰ হাতত গতাই দিয়ে ৷

আনহাতে, খাটোৱাল আৰক্ষী থানাৰ আৰক্ষীয়ে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলৰ হাতত সুগৰি পহুটো চমজাই দিয়ে ৷

পৰৱৰ্তী সময়ত শালনা বন বিভাগে উক্ত সুগৰি পহুটো উওৰ ডিজু সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷

চামগুৰি অঞ্চলত এইদৰে বনৰীয়া জীৱ-জন্তু জনাঞ্চললৈ ওলাই অহাটো প্ৰায়েই প্ৰত্যক্ষ কৰিবলৈ পোৱা যায়।

Related News