NORTHEAST NOW (Assamese)

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত সুগৰি পহুৰ পোৱালি উদ্ধাৰ

February 28, 2021 6:40 am · নিৰ্মলেন্দু পাঠক
Updated: February 28, 2021 11:36 am

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত  এটা বিলুপ্তপ্ৰায় সুগৰি পহুৰ পোৱালি স্থানীয় লোকে উদ্ধাৰ কৰে।

জাঁজীমুখৰ প্ৰকৃতি সুৰক্ষা অনুষ্ঠান কেতেকীৰ অন্যতম কৰ্মকৰ্তা ,স্থানীয় সচেতন  যুৱক অনন্ত বৰা আৰু চিৰঞ্জীৱ বৰাৰ  প্ৰচেষ্টাত ৰাইজৰ সহযোগত পহুৰ পোৱালিটো জীৱন্তে উদ্ধাৰ কৰি ইতিমধ্যে যোৰহাট বন বিভাগত চমজাই দিয়ে ।

খৰাং বতৰত খাদ্যৰ সন্ধানতে চাপৰিলৈ পহুটো নামি আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।

প্ৰকৃতিপ্ৰেমী ৰাইজৰ প্ৰচেষ্টাত পহুটো ৰক্ষা পৰাত সকলোৱে স্বত্বিৰ নিশ্বাস পেলাইছে।

Related News