প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাহুল ৰয়ক দলৰ পৰা বহিষ্কাৰৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি

Untitled_design_(5)

প্ৰাক্তন বিধায়ক ৰাহুল ৰয়ৰ ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি এতিয়া কংগ্ৰেছত বিসম্বাদ। প্ৰাক্তন বিধায়ক তথা হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি ৰাহুল ৰয়ক দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ উঠে হাইলাকান্দি।

প্ৰদেশ কংগ্ৰেছ সভাপতিৰ মুৰ্দাবাদ ধ্বনিত উত্তাল হৈ পৰিছে হাইলাকান্দি জিলা। কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে খোদ কংগ্ৰেছ কৰ্মীয়ে। প্ৰাক্তন বিধায়ক ৰাহুল ৰায়ক দলৰ পৰা নিলম্বিত কৰাৰ প্ৰতিবাদত এইদৰে উত্তাল হৈ পৰিছে হাইলাকান্দি।

উল্লেখ্য যে নাগৰিকত্ব (সংশোধনী) বিধেয়কক সমৰ্থন জনাই জিলা কংগ্ৰেছ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল প্ৰাক্তন বিধায়ক তথা হাইলাকান্দি জিলা কংগ্ৰেছ সভাপতি ৰাহুল ৰয়ে। ইয়াৰ পিছতেই প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ নিৰ্দেশত ৰাহুল ৰয়ক দলৰ পৰা নিলম্বিত কৰে অসম প্ৰদেশ কংগ্ৰেছে।

সম্প্ৰতি, এই ঘটনাক লৈ বৰ্তমানে উত্তেজিত হৈ পৰিছে ৰাহুল ৰয়ৰ সমৰ্থক কংগ্ৰেছ কৰ্মীসকল। তেওঁলোকৰ দাবী প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই অগণতান্ত্ৰিক পন্থাৰে ৰাহুল ৰয়ক নিলম্বিত কৰিছে। ইয়াৰ প্ৰতিবাদত ৰিপুৰ বৰা মুৰ্দাবাদ ধ্বনি দি অহা ১ সপ্তাহৰ ভিতৰত ৰাহুল ৰয়ৰ নিলম্বন বাতিল নহ’লে সদলবলে দলত্যাগ কৰাৰ কথা ঘোষণা কৰে এই সকল কংগ্ৰেছ কৰ্মীয়ে।