FIFA World Cup 2022: ফৰাচী যোদ্ধাৰ আগত নতশিৰ ব্ৰিটিছ বাহিনী! ইংলেণ্ডৰ সপোন চূৰ্ণ কৰি ছেমি ফাইনেলত ফ্ৰান্স

Defending Champion France beat England বৰ্তমানৰ চেম্পিয়ন ফ্ৰান্সে ইংলেণ্ডৰ বিৰুদ্ধে এক ৰোমাঞ্চকৰ যুঁজত জয়লাভ কৰি আন এখন বিশ্বকাপৰ ফাইনেলৰ পথত অগ্ৰসৰ হৈছে। অন্তিম চাৰিখনত ফ্ৰান্সৰ প্ৰতিদ্বন্দী হ’ব ইতিহাস সৃষ্টিকাৰী মৰক্কো।

শনিবাৰে ছেমিৰ যুঁজত ফ্ৰান্সে ১৭ মিনিটত গ’ল কৰে। তাৰ পিছত হেৰী কেনে পেনাল্টিৰ পৰা গ’ল কৰি ইংলেণ্ডক সমতালৈ ঘূৰাই আনে। ফ্ৰান্সে পুনৰ গ’ল কৰাৰ পিছত, ইংলেণ্ডে পুনৰ পেনাল্টি পায়। কিন্তু এইবাৰ কেনে ইংলেণ্ডক সমতালৈ ঘূৰাই আনিব নোৱাৰিলে। তেওঁ পেনাল্টিটো মিছ কৰিলে। ফলস্বৰূপে, ফ্ৰান্সে গিৰৌডে আগবঢ়াই দিয়া গ’লত ২-১ ৰ ব্যৱধান লাভ কৰি ছেমি ফাইনেলত উপনীত হয়।

1446724452

খেলখনৰ আৰম্ভণিৰ পৰাই ফ্ৰান্সে আক্ৰমণাত্মকভাৱে খেলিছিল। এমবাপে-গ্ৰীজমেন-গিৰৌড বাহিনীয়ে ইংলেণ্ডৰ ৰক্ষণৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল। ফ্ৰান্সৰ ছন্দবদ্ধ আক্ৰমণৰ ফলত ইংৰাজসকল অলপ ভাগি পৰিছিল। ১৭ মিনিটত ইংলিছ ডিফেন্সৰ পতন ঘটে। এক অতুলনীয় সংগঠিত আক্ৰমণত চুয়ামেনিয়ে এণ্টোইন গ্ৰীজমেনৰ পৰা বলটো ডি-বক্সৰ বাহিৰৰ পৰা শ্বট লৈ লক্ষ্যত আঘাত কৰে।

গ’ল খোৱাৰ পিছতে ইংৰাজ বাহিনী আক্ৰমণাত্মক হৈ পৰে। অৱশ্যে, তেওঁলোকে বিৰতিৰ আগতে কোনো গ’ল কৰিবলৈ সক্ষম নহ’ল।  বিৰতিৰ পিছত তেওঁলোকে এটা পেনাল্টি সংগ্ৰহ কৰিছিল। সোঁ ফালৰ পৰা বাৰে বাৰে ভাবুকি সৃষ্টি কৰা বুকায়ো চাকা ফাউলৰ বলি হোৱাত পেনাল্টি লাভ কৰে ইংলেণ্ডে। হেৰী কেনে শ্বটটো লোৱাৰ আগতে এমবাপে ওচৰলৈ গৈ কিবা কৈও আহিছিল। কিন্তু কেনৰ বুলেট শ্বটটো কোনোমতে ৰখাব পৰা নগ’ল।

খেলখন সমতালৈ অহাৰ পিছত ফ্ৰান্সৰ গিৰৌড, এমবাপে, গ্ৰীজমেনে বিপক্ষৰ গ’লত এটাৰ পিছত এটাকৈ আক্ৰমণ কৰে। ইংৰাজসকলে অৱশ্যে ভালদৰে প্ৰতিৰোধ কৰি আছিল। ৭৮ মিনিটত ফ্ৰান্সে গিৰৌডৰ এক দৰ্শণীয় ফিনিংছেৰে দ্বিতীয়টো গ’ল লাভ কৰে। পাঁচ মিনিট পিছত খেলখনৰ আটাইতকৈ ৰোমাঞ্চকৰ মুহূৰ্তটো আহে। গ’লটো পৰিশোধ কৰিবলৈ ব্যাকুল হৈ ইংৰাজসকলে ঐক্যবদ্ধভাৱে আক্ৰমণ চলায়। ফৰাচী ডিফেণ্ডাৰে বক্সত ফাউল কৰিলে। ৰেফাৰীয়ে প্ৰথমতে পেনাল্টি দিয়া নাছিল। ইংলিছ  প্ৰতিবাদত সেই ফাউলটো ভিএআৰত এটা পেনাল্টি হয়।

ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে পেনাল্টি স্পটৰ পৰা প্ৰথমটো ইকুইলাইজাৰ গ’ল কৰিছিল। তেওঁ দ্বিতীয়টো পেনাল্টিটোও লৈছিল। স্পট কিকত এইবাৰ তেওঁ বলটো আকাশৰ ঠিকনালৈ প্ৰেৰণ কৰি সমতালৈ উভতি অহাৰ সুযোগ নষ্ট কৰিলে। বাস্তৱিকতে তেওঁ বিশ্বকাপৰ পৰা ইংলেণ্ডৰ প্ৰস্থান নিশ্চিত কৰে। শেষত আপ্ৰাণ চেষ্টা কৰিও কোনো কামত নাহিল।