গুৱাহাটীৰ ৰজ্জুপথ মুকলিত পুনৰ বিলম্ব

ৰজ্জুপথ

গুৱাহাটীৰ ৰজ্জুপথ মুকলি কৰাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে পুনৰ সময় পিছুৱাইছে। উল্লেখযোগ্য যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংলগ্ন কৰি নিৰ্মাণ কৰা  ৰজ্জুপথটো যোৱা জানুৱাৰীত মুকলি কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু লেহেমীয়া কামৰ বাবে মহানগৰ উন্নয়ন প্ৰাধিকৰনে  ৰজ্জুপথ সময়ত মুকলি কৰিব নোৱাৰিলে।

ৰজ্জুপথৰ বহুখিনি কাম এতিয়াও বাকী থকা বাবে অহা এপ্ৰিলৰ ভিতৰতহে ৰজ্জুপথৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ এক উচ্চস্তৰীয় সূত্ৰই জনাইছে। মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ সূত্ৰটোৱে  জনায় যে ৰজ্জুপথৰ বাবে গম্বুজ চাৰিটাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। গম্বুজকেইটাক সংলগ্ন কৰি নদীৰ ওপৰৰে ৰছী টনাৰ কামো সম্পূৰ্ণ হৈছে। যাত্ৰী কঢ়িওৱা কেবিন সংযোগ কৰা আৰু আনুষংগিক কাম কিছুমান কৰিব বাকী আছে। ৰজ্জুপথটোত যাত্ৰী কঢ়িওৱাৰ বাবে দুটা কেবিন থাকিব। প্ৰতিটো কেবিনত ৩০ জনকৈ যাত্ৰী কঢ়িওৱাৰ ব্যৱস্থা কৰা হ’ব।

সূত্ৰটোৱে প্ৰকাশ কৰে যে দুই এদিনতে বাহিৰৰ পৰা বিশেষজ্ঞৰ দল আহিব। তেওঁলোকে ৰজ্জুপথৰ বিভিন্ন কাৰিকৰী দিশ পৰ্যবেক্ষণ কৰিব। নদীৰ মাজত বতাহৰ গতিবেগ পৰ্যবেক্ষণ কৰিব আৰু লগতে নদীখনৰ জলৰাশিৰ পৰিমাণৰ পৰ্যবেক্ষণ কৰিব। এই সকলোখিনি কাম কৰাৰ বাবে দুমাহ সময় লাগিব।

উল্লেখযোগ্য যে ২০০৯ চনতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংলগ্ন কৰি আৰম্ভ কৰা হৈছিল  ৰজ্জুপথৰ কাম। ৰাজ্য চৰকাৰৰ অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ লগতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰনৰ ভুল কামৰ পৰিণতিত ৰজ্জুপথৰ কাম কেইবাবছৰ বন্ধ হৈ পৰি আছিল। এনেদৰে ৬-৭ বছৰ ৰজ্জুপথৰ কাম বন্ধ থকাৰ পিছত ২০১৭  চনৰ পৰা ৰজ্জুপথৰ কাম পুনৰ কাম আৰম্ভ হয়। কিন্তু তাৰ পিছতো ৰজ্জুপথৰ নিৰ্মাণৰ কাম লেমেহীয়া গতিৰে আগবাঢ়ে।

কাছাৰীত থকা বনবিভাগৰ বন সংমণ্ডলৰ কাৰ্যালয়টোৰ ভূমিত ৰজ্জুপথৰ টাৰমিনেলটো স্থাপন কৰা হৈছে। পৰৱৰ্তী সময়ত এই  টাৰমিনেলটো ৰিভাৰ টেক্সী আৰু চিটীবাছ  টাৰমিনেললৈও সম্পাসাৰিত কৰা হ’ব। উল্লেখযোগ্য যে কাছাৰীত নদীৰ পাৰত নিৰ্মাণ কৰি থকা টাৰমিনেলটোৰ বাবে ভৱিষ্যতে এম জি পথত সৃষ্টি হ’ব পৰা যান-জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সময়ত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে পথটোত ভয়াবহ যান-জঁট হ’ব।

মন কৰিবলগীয়া যে এতিয়ালৈকে ৰজ্জুপথত যাত্ৰা কৰিবলগীয়া যাত্ৰীৰ ভাৰা নিৰ্ধাৰণ কৰা নাই। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংলগ্ন কৰি নিৰ্মাণ কৰা ৰজ্জুপথৰ যাত্ৰীৰ বাবে অত্যধিক  ভাৰা নিৰ্ধাৰণ কৰিলে সদায় অহা যোৱা কৰা যাত্ৰীসকল লাভৱান নহ’ব। এনেক্ষেত্ৰত এই ৰজ্জুপথ ৰাইজৰ বাবে কিমান উপযোগী হ’ব সেয়া সময়ে ক’ব।