NORTHEAST NOW (Assamese)

‘হেমা মালিনীৰ গালৰ দৰে মসৃণ পথ বনাম!’ আপৰ বিধায়কৰ মন্তব্যত তোলপাৰ দেশ,বিজেপিৰ বিৰোধিতা

November 5, 2024 1:13 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

পথৰ সৈতে মথুৰাৰ বিজেপি সাংসদ হেমা মালিনীৰ গাল তুলনা কৰি বিতৰ্কত লিপ্ত হয় দিল্লী আম আদমী পাৰ্টিৰ বিধায়ক নৰেশ বালিয়ান। দিল্লীৰ উত্তম নগৰৰ ৰাস্তা-ঘাট হেমাৰ গালৰ দৰে মসৃণ কৰিম বুলি কোৱা বিধায়কগৰাকীৰ বিৰুদ্ধে গালি-গালাজৰ অভিযোগৰ ফলত ৰাজধানীৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে।

দিল্লী বিজেপিৰ মুখপাত্ৰ প্ৰবীণ শংকৰ কাপুৰে এই মন্তব্যক গৰিহণা দি প্ৰত্যুত্তৰ দিয়ে। এনে মন্তব্য কৰি বিধায়কগৰাকীয়ে নাৰীক অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰে। কেৱল সেয়াই নহয়, বিজেপিৰ মুখপাত্ৰই দাবী কৰে যে বিধায়কগৰাকীয়ে এনেধৰণৰ মন্তব্য কৰি উত্তম নগৰবাসীক অপমান কৰিছে। লগতে বিজেপিয়ে বিধায়ক নৰেশৰ বিৰুদ্ধে আপ মুৰব্বী অৰবিন্দ কেজৰিৱালক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বিজেপিৰ মুখপাত্ৰ প্ৰবীনে কয় যে ইউ পি বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰিব লাগে।

দীৰ্ঘদিন ধৰি উত্তম নগৰৰ পথ সন্দৰ্ভত স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে। পথটো পুনৰ নিৰ্মাণৰ বাবে বাৰে বাৰে প্ৰশাসনৰ কাষ চাপিছিল। কিন্তু অভিযোগৰ, কোনো লাভ নহ’ল। উত্তম নগৰ বিধায়ক নৰেশৰ সমষ্টিৰ ভিতৰত পৰে। পথটোৰ বেয়া অৱস্থাৰ অভিযোগত ছ’চিয়েল মিডিয়াত লাইভ আহিছিল বিধায়কগৰাকীয়ে। তাত ৰাস্তাটো কেনেকৈ নিৰ্মাণ হ’ব সেই কথা পাতি থাকোঁতে হেমা মালিনীৰ গালৰ লগত তুলনা কৰিলে৷ ভিডিঅ’টো বিয়পি পৰাৰ লগে লগে বিধায়কগৰাকীৰ বিৰুদ্ধে সমালোচনাৰ ধুমুহা ঢালিছে। আপৰ সাংসদ স্বাতী মালিৱাল আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰেখা শৰ্মাই এই মন্তব্যক ‘নাৰীবিদ্বেষী’ বুলি অভিহিত কৰে। তদুপৰি বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী।

Related News