NORTHEAST NOW (Assamese)

চালান আতংক! হেলমেট নিপিন্ধা দিল্লীৰ বাছ ড্ৰাইভাৰক ৫০০ টকাৰ জৰিমনা

September 21, 2019 7:00 pm · এন ই নাও নিউজ
Updated: September 21, 2019 7:10 pm
প্ৰতীকী ছবি।

বাছ ড্ৰাইভাৰ এজনক “হেলমেট নিপিন্ধা”ৰ দোষত নইদাত জৰিমনা বিহা হৈছে।

ড্ৰাইভাৰজনে চলোৱা বেচৰকাৰী বাছখনৰ নতুন দিল্লীত থকা মালিকে শুকুৰবাৰে কথাটো পোহৰলৈ আনিছে।

মটৰ বাহন আইন ২০১৯ৰ চালান আতংকক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতে এই খবৰে আমোদৰো সৃষ্টি কৰিছে।

নিৰংকৰ সিং নামৰ বাছ মালিকজনে সংবাদ মাধ্যমত জনোৱা মতে, নইদাৰ পৰিবহণ বিভাগে তেওঁলৈ প্ৰেৰণ কৰা অনলাইন চালানখন যোৱা ১১ ছেপ্তেম্বৰৰ।

আৰু নতুন আইনখন অনুসৰি তেওঁৰ ড্ৰাইভাৰজনক “হেলমেট নিপিন্ধা”ৰ দোষত ৫০০টকা জৰিমনা বিহা হৈছে।

বাছ মালিকজনে বোলে এতিয়া পৰিবহণ বিভাগৰ কাষ চাপিব আৰু সমাধান নাপালে আইনৰ আশ্ৰয় ল’ব।

দেশৰ প্ৰায়ভাগ ৰাজ্যতে ইতিমধ্যে প্ৰযোজ্য হোৱা আইনখন সন্দৰ্ভত অসম চৰকাৰৰ জাননী এতিয়ালৈকে জাৰি হোৱা নাই বুলি জানিব পৰা গৈছে।

Related News