টীম গেম: ৰাজস্থান ৰয়েলছক পৰাজিত কৰি আইপিএলৰ লীগ তালিকাৰ শীৰ্ষত দিল্লী কেপিটেলছ

Stonjpg

শ্বাৰজাহত অনুষ্ঠিত আইপিএলৰ শুকুৰবাৰে খেলোৱা এখন মেচত দলগত প্ৰদৰ্শনৰ জৰিয়তে পুনৰ বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয় দিল্লী কেপিটেলছে।

দিল্লী কেপিটেলছ দুশ ৰাণত সীমিত কৰি ৰখাত ৰাজস্থান ৰয়েলছৰ বলাৰসকলে কৃতিত্ব দেখুৱালেও তেওঁলোকৰ বেটছমেনসকলে যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম নহ’ল।

টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি দিল্লীয়ে নিৰ্দ্ধাৰিত ২০ অভাৰত ৮উইকেটৰ বিনিময়ত ১৮৪ৰাণ কৰে।

প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে ১৯.৪ অভাৰত ১৩৮ৰাণত অল আউট হৈ যায়। ফলত ৪৬ৰাণত জয়লাভ কৰি দিল্লীয়ে লীগ তালিকাৰ শীৰ্ষত উপনীত হয়।

লীগ তালিকাৰ শীৰ্ষত থকা মুম্বাই ইণ্ডিয়ানছৰ পৰা দিল্লীয়ে এই স্থান কাঢ়ি লয়।

দিল্লীৰ হৈ ছিমৰন হেটমেয়াৰে ২৪টা বলত ৪৫ৰাণ কৰে। তেওঁ মুঠতে এটা চাৰি আৰু ৫টা ছয় কোবায়। মাৰ্কাছ ষ্টাইনিছে ৪টা ছয়ৰ সহায়ত ৩০টা বলত ৩৯ৰাণৰ ইনিংছ খেলে।

ইয়াৰ উপৰি, দিল্লীৰ হৈ শ্ৰেয়াস আয়াৰে ২২, পৃথ্বী শ্ব’ই ১৯, অক্ষৰ পেটেলে ১৭ আৰু হাৰ্ষাল পেটেলে ১৬ৰাণ কৰে।

ৰাজস্থানৰ হৈ ডেফ্ৰা আৰ্চাৰে ২৪ৰাণৰ বিনিময়ত ৩টা উইকেট দখল কৰে। কাৰ্তিক ত্যাগী, এণ্ড্ৰু তাই আৰু ৰাহুল তিৱাটিয়াই এটাকৈ উইকেট পায়।

আনহাতে, বেটিং কৰিবলৈ নামি ৰাজস্থানে প্ৰথমৰে পৰা উইকেট হেৰুৱাবলৈ লয়। দলৰ হৈ তেৱাটিয়াই ৩৮, যশস্বী জয়ছোৱালে ৩৪ আৰু অধিনায়ক ষ্টিভ স্মিথে ২৪ৰাণ কৰে। বাটলাৰে ১৩ ৰাণ কৰাৰ বিপৰীতে বাকীকেইজনে দুটা অংকৰ ৰাণ স্পৰ্শ কৰিব নোৱাৰিলে।

দিল্লীৰ হৈ ৰাৱাডাই ৩৫ৰাণত ৩টা উইকেট লয়। আশ্বিন আৰু ষ্টাইনিছে ২টাকৈ আৰু এনৰিছ, অক্ষৰ তথা হাৰ্ষালে এটাকৈ উইকেট লাভ কৰে।