যথেষ্ট নাছিল ৰাছেলৰ বিস্ফোৰণ; পৃথ্বীৰ ধুমুহাত দিল্লীৰ হাতত বিধ্বস্ত কলকাতা

Delhi-KKR

কেকেআৰৰ বিৰুদ্ধে দুৰ্দান্ত বেটিং পৃথ্বী শ্বৰ।

দিল্লী কেপিটেলছৰ শক্তিশালী বেটিং লাইন আপৰ বিৰুদ্ধে বিজয়ী হোৱাৰ বাবে বৃহৎ ৰাণৰ স্ক’ৰ প্ৰয়োজন আছিল। কিন্তু একমাত্ৰ ৰাছেলৰ বাহিৰে কলকাতা নাইট ৰাইডাৰ্ছৰ কোনেও চমক দেখুৱাব নোৱাৰিলে।

প্ৰথম অভাৰতে শিৱম মাভিয়ে ২৫ৰাণ দিয়াৰ পাছত আৰু উভতি ধৰাৰ শক্তি হেৰুৱাই পেলাইছিল কলকাতাৰ বলাৰসকলে। পৃথ্বী শ্ব’ৰ দুৰ্দান্ত ৮২ৰাণৰ সহায় দিল্লীয়ে কলকাতাক হেলাৰঙে পৰাজিত কৰে।

পৃথ্বিয়ে তেওঁৰ ৪১টা বলৰ ইনিংছটো সজাইছিল ৩টা ছয় আৰু ১১টা চাৰিৰে। ইয়াৰ বিপৰীতে কলকাতা নাই ৰাইডাৰ্ছৰ বলাৰসকল অসহায় হৈ পৰিছিল।

পৃথ্বি শ্ব আৰু শেখৰ ধাৱানৰ অ’পেনিং যুটীয়ে ১৩২ৰাণ কৰাৰ পাছত কলকাতাৰ বাবে পৰাজয় স্বীকাৰ মাথোঁ সময়ৰ অপেক্ষাহে আছিল। দিল্লীয়ে ২১টা বল খেলিবলৈ বাকী থাকোতে নিজৰ বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয়।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বৃহস্পতিবাৰে টছত জিকি কলকাতা নাই ৰাইডাৰ্ছক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় দিল্লীৰ অধিনায়ক ঋষভ পন্টে। কলকাতাৰ অপেনাৰ শুভমন গীলে ৩৮টা বলত ৪৩ৰাণৰ ইনিংছ খেলে। গীলৰ বাহিৰে বাকী টপ অৰ্ডাৰ বেটছমেন ব্যৰ্থ হয়।

অধিনায়ক মৰ্গান শূন্য ৰাণতে পেভলিয়নলৈ ওভতে। সেইদৰে নাৰিনো শূন্য হাতেৰে ওভতে। ৮২ৰাণতে ৫টা উইকেট হেৰুৱাই শলঠেকত পৰা কেকেআৰক শেহৰ পিনে আন্দ্ৰে ৰাছেলে সন্মানজনক স্থিতি উপনীত কৰায়।

ৰাছেলে ২টা চাৰি আৰু ৪টা ছয় মাৰি ২৭টা বলত অপৰাজিত ৪৫ৰাণ কৰে আৰু দলৰ স্ক’ৰ ডেৰশ অতিক্ৰম কৰাত বৰঙণি যোগায়।

১৫৫ৰামৰ লক্ষ্য অনুসৰণ কৰি বেটিং কৰিবলৈ নামি শিৱম মাভিৰ প্ৰথম অভাৰতে পৃথ্বীয়ে ৬টা বাউণ্ডেৰী মাৰি ৰেকৰ্ড গঢ়ে।  পৃথ্বীয়ে ১৮টা বলত অৰ্দ্ধ শতৰাণ সম্পূৰ্ণ কৰে। ১১অভাৰতে দিল্লীয়ে ১০০ৰাণৰ সীমা অতিক্ৰম কৰে।

দিল্লীয়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ তিনিটা উইকেট হেৰুৱাই। শিখৰ ধাৱানে ৪৬ৰাম কৰি আউট হয়। অধিয়ায়ক পন্টে ৮টা বলত ১৬ৰাণ কৰে। দিল্লীয়ে ইয়াৰ পঞ্চমটো বিজয়েৰে লীগ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হয়।