শিখৰ ধাৱানৰ দুৰ্দান্ত শতক; ধোনীৰ চেন্নাইক ৫উইকেটত হৰুৱালে দিল্লী কেপিটেলছে

Untitled-design-49-7

শিখৰ ধাৱানৰ টী-২০ৰ কেৰিয়াৰৰ প্ৰথমটো শতৰাণৰ সহায়ত দিল্লী কেপিটেলছে চেন্নাইৰ ১৮০ ৰাণৰ কঠিন লক্ষ্য অতিক্ৰম কৰি আইপিএলৰ এখন মেচত বিজয় সাৱ্যস্ত কৰিছে।

চেন্নাইক ৫উইকেটত পৰাজিত কৰি দিল্লীয়ে অন্তিম চাৰিটা স্থানৰ দৌৰত আৰু ওচৰ চাপিবলৈ সক্ষম হ’ল।

টছত জিকি প্ৰথমে মহেন্দ্ৰ সিং নেতৃত্বৰ চেন্নাইয়ে বেটিঙৰ সিদ্ধান্ত লয়। কিন্তু আৰম্ভণিতে ছেম কুৰানক শূন্য ৰাণত পেভলিয়য়নলৈ পঠিয়ায় দেশপাণ্ডেই।

ৱাটছন আৰু ডুপ্লেছি যুটীয়ে চেন্নাইৰ ইনিংছত স্থিৰতা আনে। ৱাটছনে ৩৬ৰাণত আউট হোৱাৰ পাছত ডুপ্লেছিয়ে আৰু এটা অৰ্দ্ধ শতৰাণ সম্পূৰ্ণ কৰে।

দক্ষিণ আফ্ৰিকাৰ বেটছমেনগৰাকীয়ে ৪৭টা বল খেলি ৫৮ ৰাণ কৰে।

কিন্তু পুনৰ বেটিঙত ব্যৰ্থ হ’ল মহেন্দ্ৰ সিং ধোনী। মাত্ৰ ৩ৰাণ কৰি আউট হয় ধোনী। শেষৰ পিনে ৰায়ডুৰ ২৫টা বলত ৪৫ৰাণ আৰু ৰবীন্দ্ৰ জাডেজাৰ ১৩টা বলত ৩৩ৰাণৰ সহায়ত চেন্নাইয়ে ১৭৯ৰাণৰ স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়।

দিল্লীৰ হৈ নৰ্জে দুটা আৰু ৰাৱাডা তথা দেশপাণ্ডে এটাকৈ উইকেট লাভ কৰে।

মেচখনত ৰাৱাডাই এটা উইকেট পালেও আইপিএলৰ ইতিহাসত দ্ৰুততম ৫০টা উইকেট লোৱাৰ অভিলেখ গঢ়ে খেলুৱৈগৰাকীয়ে।

প্ৰত্যুত্তৰত বেট কৰিবলৈ নামি দিল্লীয়ে প্ৰথমতেই পৃথ্বী শ্ব’ৰ উইকেট হেৰুৱায়। মাত্ৰ ৮ৰাণ কৰি পেভলিয়নমুখী হয় আজিংকা ৰাহানেও।

কিন্তু অপ্ৰতিৰোধ্য হৈ উঠিল ‘টীম ইণ্ডিয়াৰ গব্বৰ’ শিখৰ ধাৱান। প্ৰথমতে শ্ৰেয়াস আয়াৰক (২৩) আৰু পাছত স্টাইনিছক (২৪) সংগী কৰি আক্ৰমণ চলাই যায় ধাৱানে। শিখৰৰ প্ৰহাৰৰ পৰা চেন্নাইৰ কোনো বলাৰে ৰেহাই নাপালে।

শেষত ১৯ নম্বৰ অভাৰত নিজৰ টী-২০ কেৰিয়াৰৰ প্ৰথমটো শতৰাণ সম্পূৰ্ণ কৰে ধাৱানে। শেষটো অভাৰত দিল্লীক জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৭ৰাণৰ।

সেই অভাৰত জাডেজাৰ দুটা বলত উপৰ্যুপৰি ছয় কোবায় অক্ষৰ পেটেলে। এটা বল খেলিবলৈ বাকী থকা অৱস্থাতে দিল্লীয়ে প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰি বিজয় সাৱ্যস্ত কৰে।

ধাৱানে নিজৰ ৫৮টা বলত কৰা ১০১ৰাণৰ ইনিংছটোত মুঠতে ১৪টা চাৰি আৰু এটা ছয় কোবায়। আনহাতে মাত্ৰ ৫টা বলত ২১ৰাণ কৰে অক্ষৰ পেটেলে।