আচৰণবিধি ভংগ: শাস্তিৰ সন্মুখীন দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্ট, শাৰ্দুল ঠাকুৰ

Rishabh Pant and Shardul Thakur Sanctioned

শুকুৰবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছৰ মেচৰ সময়ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) আচৰণ বিধি ভংগ কৰাৰ অভিযোগত শাস্তিৰ সন্মুখীন হৈছে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্ট, অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰৰ লগতে দলটোৰ সহকাৰী প্ৰশিক্ষক প্ৰবীণ আমৰে।

আজি জাৰি কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এক অফিচিয়েল বিজ্ঞপ্তিযোগে অধিনায়ক পণ্টৰ ১০০ শতাংশ মেচ-ফী কৰ্তন কৰা হৈছে। পণ্টে আই পি এল আচৰণ বিধিৰ অনুচ্ছেদ ২.৭ ৰ অধীনত স্তৰ ২ ৰ অপৰাধ স্বীকাৰ কৰে আৰু শাস্তি মানি লয়।

পণ্টৰ সতীৰ্থ তথা অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰক আচৰণ বিধি উলংঘা কৰাৰ বাবে তেওঁৰ মেচ-ফীৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে।

ঠাকুৰে আই পি এল ৰ আচৰণ বিধিৰ অনুচ্ছেদ ২.৮ ৰ অধীনত স্তৰ ২ৰ অপৰাধ স্বীকাৰ কৰি শাস্তি গ্ৰহণৰ বাবে সন্মত হয়।

আনহাতে দিল্লী কেপিটেলছৰ সহকাৰী প্ৰশিক্ষক প্ৰবীণ আমৰেক আচৰণ বিধি উলংঘা কৰাৰ বাবে তেওঁৰ মেচ-ফীৰ ১০০ শতাংশ জৰিমনা বিহা হৈছে। তেওঁক লগতে এখন মেচৰ বাবে নিষেধাজ্ঞাও আৰোপ কৰা হৈছে।

আমৰেই আই পি এল আচৰণ বিধিৰ অনুচ্ছেদ ২.২ ৰ অধীনত স্তৰ ২ৰ অপৰাধ স্বীকাৰ কৰে।

উল্লেখ্য যে শুকুৰবাৰে খেলখনৰ অন্তিম অভাৰত দিল্লী কেপিটেলছক জয়ৰ বাবে ৩৬ ৰাণৰ প্ৰয়োজন হৈছিল। অভাৰৰ প্ৰথম দুটা বলত ৰ’ভমেন পাৱেলে দুটাকৈ ছয় কোবোৱাৰ পিছত তৃতীয় বলতো আন এটা ছয় কোবায়।

ৰাজস্থানৰ পেচাৰ অ’বেদ মেক্কয়ৰ তৃতীয় বলটো এটা ন’ বল আছিল যদিও আম্পায়াৰে ন’ বল ঘোষণা কৰিবলৈ অস্বীকাৰ কৰে। আম্পায়াৰৰ এই ভুল সিদ্ধান্তৰ পিছতে খেলখনত কিছু অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হয়।

দিল্লীৰ অধিনায়ক পণ্টে আম্পায়াৰৰ এই সিদ্ধান্তৰ মুকলি বিৰোধ কৰি ক্ৰীজত থকা দিল্লীৰ বেটাৰদ্বয় পাৱেল আৰু কুলদীপ যাদৱক ক্ৰীজ ত্যাগ কৰিবলৈ ঈঙ্গিত দিয়ে। পণ্টৰ লগতে শাৰ্দুল ঠাকুৰেই একে ঈঙ্গিত দিয়াৰ লগতে আম্পায়াৰৰ সিদ্ধান্তৰ মুকলি বিৰোধ কৰে।

ইয়াৰ পিছতে সহকাৰী প্ৰশিক্ষক আমৰে খেলপথাৰত প্ৰৱেশ কৰি আম্পায়াৰ নিটিন মেননক সিদ্ধান্তৰ বিৰোধ কৰে। অৱশ্যে আম্পায়াৰদ্বয়ে পূৰ্বৰ সিদ্ধান্তই বাহাল ৰখাৰ পিছত দিল্লী খেলখনত ১৫ ৰানত পৰাজিত হয়।