দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ। এই আক্ৰমণ ‘ৰাজহুৱা শুনানি’ৰ সময়ত সংঘটিত হৈছিল। অভিযোগ অনুসৰি এজন পঁয়ত্ৰিশ বছৰীয়া যুৱকে এই আক্ৰমণ সংঘটিত কৰিছিল। নিৰাপত্তাৰক্ষীয়ে তেওঁক হাতেলোটে গ্ৰেপ্তাৰ কৰে।
কিন্তু এই আক্ৰমণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আনকি অভিযুক্ত ব্যক্তিজনৰ কোনো ৰাজনৈতিক সম্পৰ্ক আছে নে নাই সেয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰি দিল্লীৰ চিভিল লাইন থানালৈ লৈ যোৱা হৈছে। আৰম্ভ হৈছে জেৰা। অৱশ্যে এই ঘটনাত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
জানিব পৰা মতে, মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ চৰকাৰী বাসগৃহ চিভিল লাইনছ এলেকাত। তাত সাপ্তাহিক ‘ৰাজহুৱা শুনানি’ চলি আছিল।
ব্যক্তিজনে প্ৰথমে মুখ্যমন্ত্ৰীক কিছু নথি-পত্ৰ দিবলৈ অনুৰোধ কৰিছিল। সেইবোৰ যোগান ধৰাৰ পিছতহে মুখ্যমন্ত্ৰীক অভাৱনীয়ভাৱে আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। অভিযোগ কৰা হৈছে যে মুখ্যমন্ত্ৰীৰ চুলিও টানিছিল আক্ৰমণকাৰীয়ে।
আনহাতে, ঘটনাৰ পিছতে চিকিৎসকৰ এটা দলে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ ততাতৈয়াকৈ উপস্থিত হয়। অৱশ্যে ৰেখা গুপ্তাৰ আঘাত বৰ গুৰুতৰ নহয় বুলি কোৱা হৈছে। এই খবৰ পোৱাৰ পাছতে দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে। বিজেপিয়ে এই ঘটনাক তীব্ৰ গৰিহণা দিছে। একে সময়তে কংগ্ৰেছেও এই ঘটনাক তীব্ৰ গৰিহণা দিছে। ৰাজধানী চহৰখনত মহিলাসকলৰ সুৰক্ষাক লৈও প্ৰশ্ন উত্থাপন হৈছে।