NORTHEAST NOW (Assamese)

দিল্লীৰ মুখ্য মন্ত্ৰী কেজৰিৱালৰ ক’ৰ’না ৰিপোৰ্ট নিগেটিভ

June 9, 2020 7:31 pm · এন ই নাও নিউজ

দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ক’ৰ’নাৰ ফলাফল নিগেটিভ অহাত স্বস্তিৰ নিশ্বাস পেলাইছে দিল্লীবাসীয়ে।

আজি ৰাতিপুৱা মুখ্য মন্ত্ৰী কেজৰিৱালৰ নমুনা ক’ৰ’নাৰ পৰীক্ষাৰ বাবে পঠোৱা হৈছিল।

দেওবাৰে আবেলিৰ পৰা মুখ্য মন্ত্ৰী কেজৰিৱালৰ শৰীৰত জ্বৰ, চৰ্দিকে ধৰি ক’ৰ’নাৰ লক্ষণে দেখা দিছিল।

জ্বৰত ভোগাৰ পাছতে কেজৰিৱালে নিজকে হোম কোৱাৰেণ্টাইনত ৰাখি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, কেজৰিৱালৰ অনুপস্থিতিত আজি স্বাস্থ্য বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত উপ-মুখ্য মন্ত্ৰী মনিষ চিচোডিয়াই নেতৃত্ব বহন কৰিছিল।

দিল্লীৰ সামুহিক সংক্ৰমণ আৰু ভবিষ্যত পৰিকল্পনা সন্দৰ্ভত বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

আনহাতে, বৈঠকত দিল্লীৰ স্বাস্থ্য বিভাগে ৩০ জুলাইৰ পূৰ্বে দিল্লীত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৫ লাখ হ’ব বুলি শংকা ব্যক্ত কৰিছে।

জুলাইৰ পূৰ্বে দিল্লী চৰকাৰে ক’ৰ’না ৰোগীক ৰখাৰ বাবে প্ৰয়োজনীয় ৮০,০০০ খন বিচনা প্ৰস্তুত কৰি উলিওৱাৰ লক্ষ্য বান্ধি লৈছে বুলি জানিবলৈ দিয়ে।

Related News