ৰাহুল গান্ধীয়ে ভোটাৰ তালিকাত জালিয়াতিক লৈ সৰৱ হৈ থকাৰ সময়তে বিজেপিয়ে ছোনিয়া গান্ধীৰ ভোটাৰ পৰিচয় পত্ৰক লৈ প্ৰত্যাক্ৰমণত নামি পৰে। গেৰুৱা শিবিৰে অভিযোগ উত্থাপন কৰিছিল যে ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ছোনিয়া গান্ধীৰ নাম ভাৰতৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। অৱশ্যে এই সন্দৰ্ভত আদালতে গোচৰ খাৰিজ কৰি দিলে।
নিৰ্বাচনী আইন উলংঘা কৰাৰ অভিযোগত ছোনিয়া গান্ধীৰ বিৰুদ্ধে এফআইআৰ দাখিলৰ অনুমতি বিচাৰি আদালতৰ কাষ চাপিছিল এজন ব্যক্তিয়ে। বৃহস্পতিবাৰৰ পৰা দিল্লীৰ ৰাউজ এভিনিউ আদালতত এই বিষয়ত শুনানি আৰম্ভ হয়। কিন্তু অৱশেষত ন্যায়াধীশে আবেদন খাৰিজ কৰে। ভাৰতীয় নাগৰিক হোৱাৰ তিনি বছৰ পূৰ্বে ছোনিয়া গান্ধীৰ নাম দেশৰ ভোটাৰ তালিকাত আছিল বুলি আবেদনকাৰীয়ে কৰা দাবীও খাৰিজ কৰা হয়।
বিহাৰত ভোটাৰ তালিকাৰ ব্যাপক সংশোধনক লৈ ৰাজনৈতিক উত্তেজনা যেতিয়া তুংগত উঠিছে আৰু গুৰুতৰ অনিয়ম পোহৰলৈ আহিছে, তেতিয়া বিজেপিয়ে ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিছে। দলটোৰ আই টি চেলৰ মুৰব্বী অমিত মালৱ্যই ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে এক নথি। অমিতে দাবী কৰিছিল যে ১৯৮০ চনত ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সঞ্জয় গান্ধী, আৰু মানেকা গান্ধীৰ সৈতে ছোনিয়াৰ নামো ভোটাৰ তালিকাত আছিল।
ছ’চিয়েল মিডিয়াত অমিতে লিখিছে, “১৯৮০ চনত প্ৰথমবাৰৰ বাবে ভোটাৰ তালিকাত তেওঁৰ (ছোনিয়াৰ) নাম আহিছিল – ভাৰতীয় নাগৰিকত্ব লোৱাৰ তিনি বছৰ আগতে। তেতিয়াও তেওঁ ইটালীৰ নাগৰিক আছিল।”
অমিতে দাবী কৰে যে সমালোচনাৰ বাবে সেই সময়ত ছোনিয়াৰ নাম আঁতৰাই দিয়া হৈছিল যদিও ১৯৮৩ চনত পুনৰ নাম আহে। ১৯৮৩ চনৰ ১ জানুৱাৰীত ভাৰতৰ ভোটাৰ তালিকাত ছোনিয়াৰ নাম আছিল যদিও সেই বছৰৰ ৩০ এপ্ৰিলত ছোনিয়াই ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। মালব্যই ৰাজীৱৰ সৈতে বিবাহৰ ১৫ বছৰ পিছত কিয় ভাৰতীয় নাগৰিকত্ব ল’লে সেই প্ৰশ্নও উত্থাপন কৰে।
ইয়াৰ পিছতে আদালতত ছোনিয়া গান্ধীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিবলৈ আৱেদন দাখিল কৰা হয় আৰু আজি সেইটো খাৰিজ কৰা হয়। আনকি ছোনিয়া গান্ধীক প্ৰতিনিধিত্ব কৰিবলৈ আদালতত কোনো অধিবক্তা উপস্থিত নাছিল।
কংগ্ৰেছে ভোটাৰ তালিকাত ছোনিয়াৰ নামৰ পৰা বিজেপিৰ নাগৰিকত্ব সম্পৰ্কে বিজেপিৰ অভিযোগ এৰাই চলি আহিছে যদিও মালব্যই প্ৰকাশ কৰা নথিত থকা ভুলবোৰ আঙুলিয়াই দিয়াৰ পিছতো তেওঁলোকে বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।