গ্ৰেপ্তাৰ হ’ব পাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া : আবকাৰী নীতিৰ ভংগৰ অভিযোগত চিবিআইৰ জেৰা

Sisodia

গ্ৰেপ্তাৰ হ’ব পাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া। আবকাৰী নীতিৰ ভংগৰ অভিযোগত চিবিআইএ আজি মনীষ চিছ’দিয়াৰ ওপৰত চলাইছে মাৰাথান জেৰা।

উল্লেখ্য যে এই গোচৰটোৰ বাবে যোৱা ১৯ ফেব্ৰুৱাৰী তাৰিখে মনীষ চিছ’দিয়াক চিবিআই – এ মাতি পঠাইছিল যদিও কামত ব্যস্ত থকাৰ বাবে চিবিআই ৰ সমুখত হাজিৰ হোৱা নাছিল চিছ’দিয়া। যাৰ বাবে পিছুয়াই দিয়া হৈছিল মনীষ চিছ’দিয়া চিবিআইৰ সমুখত হাজিৰ হোৱাৰ তাৰিখ।

মনীষ চিছ’দিয়াই চিবিআইৰ চমন লাভ কৰাৰ পিছত আজি চিবিআইৰ সমুখত হাজিৰ হয়। চিবিআইৰ অফিচলৈ যাওঁতে চিছ’দিয়াই মহাত্মা গান্ধীৰ স্মৃতিসৌধ ৰাজঘাট পৰিদৰ্শন কৰে। চিবিআইৰ চমন সম্পৰ্কত চিছ’দিয়াই কয় যে মই হয়তো কেইমাহ মানৰ বাবে জেললৈ যাব লাগিব। মই জেললৈ যাবলৈ সাজু। মোৰ লগত ৰাজ্যৰ লাখ লাখ মানুহৰ আশীৰ্বাদ আছে। সেয়ে মই চিন্তা কৰা নাই।

আজি পুৱাই মনীষ চিছ’দিয়াই টুইটাৰযোগে এটা আপডেট দিছিল – “আজি পুনৰ চিবিআইলৈ যাম। সমগ্ৰ তদন্তত মই সম্পূৰ্ণ সহযোগিতা কৰিম।” সেই মতেই চিবিআইৰ কাৰ্যালয়ত উপস্থিত হৈছিল দিল্লীৰ উপমুখ্যমন্ত্ৰীগৰাকী।

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰিছে যে -“ভগৱান আপোনাৰ লগত আছে মনীষ। লাখ লাখ শিশু আৰু তেওঁলোকৰ পিতৃমাতৃৰ আশীৰ্বাদ আপোনাৰ লগত আছে। যেতিয়া আপুনি দেশ আৰু সমাজৰ বাবে জেললৈ যায়, ই অভিশাপ নহয় গৌৰৱৰ কথা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপুনি সোনকালে জেলৰ পৰা উভতি আহিব পাৰে। দিল্লীৰ সন্তান, তেওঁলোকৰ পিতৃমাতৃ আৰু আমি সকলোৱে আপোনাৰ বাবে অপেক্ষা কৰিম।

ইতিমধ্যে মনীষ চিছ’দিয়াৰ ওপৰত হোৱা চিবিআই তদন্ত সম্পৰ্কত সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সম্পৰ্কত আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় , “এয়া নৰেন্দ্ৰ মোডীয়ে অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিক বদনাম কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে। দিল্লীত যেতিয়া গেং ৱাৰ হয়, ডাঙৰ ডাঙৰ অপৰাধ হয় তেতিয়া দিল্লী পুলিচ আৰু চিবিআইএ কি কৰি থাকে? সাহস আছে যদি নৰেন্দ্ৰ মোডীয়ে দেশখন লুটিপুটি খোৱা গৌতম আদানীৰ বিৰুদ্ধে চিবিআই তদন্ত কৰক। গৌতম আদানীৰ নাম মুখত ল’বলৈ নৰেন্দ্ৰ মোডীৰ সাহ আছেনে?”

ইতিমধ্যে চিবিআইৰ মুখ্যকাৰ্যালয়ত আম আদমী পাৰ্টিৰ সমৰ্থনকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিছে। ইয়াৰ লগতে খবৰ আহি পৰিছে যে দিল্লী আৰক্ষীয়ে ইতিমধ্যে ভালেমান আপৰ নেতাক গৃহবন্দী কৰি ৰাখিছে।

উল্লেখ্য যে দিল্লী আবকাৰী নীতি ভংগ কৰি সুৰা ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত আপ চৰকাৰে দুৰ্নীতিৰ সহায় লৈছে বুলি অভিযোগ উত্থাপন হৈছে।

এই গোচৰত দুই ব্যৱসায়ী বিজয় নাইৰ আৰু অভিষেক বয়নপালীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা বছৰৰ নৱেম্বৰ মাহত দাখিল কৰা অভিযোগনামাত নাম উল্লেখ কৰা ৭জন অভিযুক্তৰ ভিতৰত এই দুজনো আছিল। চিবিআইৰ বিষয়াসকলে দাবী কৰিছে যে আপ চৰকাৰে আবকাৰী নীতিৰ পৰিৱৰ্তন, অনুজ্ঞাপত্ৰধাৰীক অযথা অনুগ্ৰহ প্ৰদান, অনুজ্ঞাপত্ৰ মাচুল ৰেহাই আৰু অনুমোদন অবিহনে এল১ অনুজ্ঞাপত্ৰ বৃদ্ধি কৰাকে ধৰি অনেক অনিয়ম সংঘটিত কৰাৰ অভিযোগ আছে।