• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গ্ৰেপ্তাৰ হ’ব পাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া : আবকাৰী নীতিৰ ভংগৰ অভিযোগত চিবিআইৰ জেৰা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 26, 2023 4:04 pm
Sisodia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰেপ্তাৰ হ’ব পাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া। আবকাৰী নীতিৰ ভংগৰ অভিযোগত চিবিআই– এ আজি মনীষ চিছ’দিয়াৰ ওপৰত চলাইছে মাৰাথান জেৰা।

উল্লেখ্য যে এই গোচৰটোৰ বাবে যোৱা ১৯ ফেব্ৰুৱাৰী তাৰিখে মনীষ চিছ’দিয়াক চিবিআই – এ মাতি পঠাইছিল যদিও কামত ব্যস্ত থকাৰ বাবে চিবিআই ৰ সমুখত হাজিৰ হোৱা নাছিল চিছ’দিয়া। যাৰ বাবে পিছুয়াই দিয়া হৈছিল মনীষ চিছ’দিয়া চিবিআইৰ সমুখত হাজিৰ হোৱাৰ তাৰিখ।

Apply Now

মনীষ চিছ’দিয়াই চিবিআইৰ চমন লাভ কৰাৰ পিছত আজি চিবিআইৰ সমুখত হাজিৰ হয়। চিবিআইৰ অফিচলৈ যাওঁতে চিছ’দিয়াই মহাত্মা গান্ধীৰ স্মৃতিসৌধ ৰাজঘাট পৰিদৰ্শন কৰে। চিবিআইৰ চমন সম্পৰ্কত চিছ’দিয়াই কয় যে – মই হয়তো কেইমাহ মানৰ বাবে জেললৈ যাব লাগিব। মই জেললৈ যাবলৈ সাজু। মোৰ লগত ৰাজ্যৰ লাখ লাখ মানুহৰ আশীৰ্বাদ আছে। সেয়ে মই চিন্তা কৰা নাই।

आज फिर CBI जा रहा हूँ, सारी जाँच में पूरा सहयोग करूँगा. लाखों बच्चो का प्यार व करोड़ो देशवासियो का आशीर्वाद साथ है
कुछ महीने जेल में भी रहना पड़े तो परवाह नहीं. भगत सिंह के अनुयायी हैं, देश के लिए भगत सिंह फाँसी पर चढ़ गए थे. ऐसे झूठे आरोपों की वजह से जेल जाना तो छोटी सी चीज़ है

— Manish Sisodia (@msisodia) February 26, 2023

আজি পুৱাই মনীষ চিছ’দিয়াই টুইটাৰযোগে এটা আপডেট দিছিল – “আজি পুনৰ চিবিআইলৈ যাম। সমগ্ৰ তদন্তত মই সম্পূৰ্ণ সহযোগিতা কৰিম।” সেই মতেই চিবিআইৰ কাৰ্যালয়ত উপস্থিত হৈছিল দিল্লীৰ উপমুখ্যমন্ত্ৰীগৰাকী।

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰিছে যে -“ভগৱান আপোনাৰ লগত আছে মনীষ। লাখ লাখ শিশু আৰু তেওঁলোকৰ পিতৃ–মাতৃৰ আশীৰ্বাদ আপোনাৰ লগত আছে। যেতিয়া আপুনি দেশ আৰু সমাজৰ বাবে জেললৈ যায়, ই অভিশাপ নহয় গৌৰৱৰ কথা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপুনি সোনকালে জেলৰ পৰা উভতি আহিব পাৰে। দিল্লীৰ সন্তান, তেওঁলোকৰ পিতৃ–মাতৃ আৰু আমি সকলোৱে আপোনাৰ বাবে অপেক্ষা কৰিম।“

भगवान आपके साथ है मनीष। लाखों बच्चों और उनके पेरेंट्स की दुआयें आपके साथ हैं। जब आप देश और समाज के लिए जेल जाते हैं तो जेल जाना दूषण नहीं, भूषण होता है। प्रभू से कामना करता हूँ कि आप जल्द जेल से लौटें। दिल्ली के बच्चे, पैरेंट्स और हम सब आपका इंतज़ार करेंगे। https://t.co/h8VrIIYRTz

— Arvind Kejriwal (@ArvindKejriwal) February 26, 2023

 

ইতিমধ্যে মনীষ চিছ’দিয়াৰ ওপৰত হোৱা চিবিআই তদন্ত সম্পৰ্কত সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সম্পৰ্কত আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় , “এয়া নৰেন্দ্ৰ মোডীয়ে অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিক বদনাম কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে। দিল্লীত যেতিয়া গেং ৱাৰ হয়, ডাঙৰ ডাঙৰ অপৰাধ হয় তেতিয়া দিল্লী পুলিচ আৰু চিবিআই– এ কি কৰি থাকে? সাহস আছে যদি নৰেন্দ্ৰ মোডীয়ে দেশখন লুটিপুটি খোৱা গৌতম আদানীৰ বিৰুদ্ধে চিবিআই তদন্ত কৰক। গৌতম আদানীৰ নাম মুখত ল’বলৈ নৰেন্দ্ৰ মোডীৰ সাহ আছেনে?”

ইতিমধ্যে চিবিআইৰ মুখ্যকাৰ্যালয়ত আম আদমী পাৰ্টিৰ সমৰ্থনকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিছে। ইয়াৰ লগতে খবৰ আহি পৰিছে যে দিল্লী আৰক্ষীয়ে ইতিমধ্যে ভালেমান আপৰ নেতাক গৃহবন্দী কৰি ৰাখিছে।

উল্লেখ্য যে দিল্লী আবকাৰী নীতি ভংগ কৰি সুৰা ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত আপ চৰকাৰে দুৰ্নীতিৰ সহায় লৈছে বুলি অভিযোগ উত্থাপন হৈছে।

এই গোচৰত দুই ব্যৱসায়ী বিজয় নাইৰ আৰু অভিষেক বয়নপালীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা বছৰৰ নৱেম্বৰ মাহত দাখিল কৰা অভিযোগনামাত নাম উল্লেখ কৰা ৭জন অভিযুক্তৰ ভিতৰত এই দুজনো আছিল। চিবিআইৰ বিষয়াসকলে দাবী কৰিছে যে আপ চৰকাৰে আবকাৰী নীতিৰ পৰিৱৰ্তন, অনুজ্ঞাপত্ৰধাৰীক অযথা অনুগ্ৰহ প্ৰদান, অনুজ্ঞাপত্ৰ মাচুল ৰেহাই আৰু অনুমোদন অবিহনে এল–১ অনুজ্ঞাপত্ৰ বৃদ্ধি কৰাকে ধৰি অনেক অনিয়ম সংঘটিত কৰাৰ অভিযোগ আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd