দিল্লীৰ হাস্পতালত প্ৰেছক্ৰিপচন বিচাৰি গৈ চেম্বাৰৰ ভিতৰতে চিকিৎসকক গুলীয়াই হত্যা দুই নাবালকৰ

ফটোঃ সংগ্ৰহীত।

হস্পিতালত সোমাই  চিকিৎসকক গুলীয়াই হত্যা! বুধবাৰে মাজনিশা ৰাজধানী দিল্লীত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা চলাইছে।

বুধবাৰে দিল্লীৰ জইতপুৰৰ কালিন্দীকুঞ্জ থানা এলেকাৰ নিমা হাস্পতালত নিজৰ চেম্বাৰত আছিল চিকিৎসক জাভেদ আখতাৰ। চিকিৎসালয়ৰ কৰ্মচাৰীয়ে জনোৱা মতে, নিশা দুগৰাকী ১৬ বছৰীয়া শিশু চিকিৎসালয়লৈ গৈছিল। এজনে কয় যে ভৰিৰ আঙুলিৰ আঘাতৰ স্থানৰ পৰা তেজ ওলাইছে। গতিকে ঘা টুকুৰা পৰিষ্কাৰ কৰি নতুন বেণ্ডেজ লগাই দিব লাগে।

লগতে পঢ়কঃ মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ক্লডিয়া শ্বেইনবামে

সেইদৰে চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ভৰিৰ ঘাঁত নতুন বেণ্ডেজ লগাই দিয়ে। অভিযোগ অনুসৰি অভিযুক্ত দুজনে প্ৰেছক্ৰিপচনৰ বিচাৰি চিকিৎসক জাভেদৰ চেম্বাৰলৈ যাব বিচাৰে। চেম্বাৰত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পাছতে চিকিৎসালয়খনৰ দুই নাৰ্চিং ষ্টাফ গজলা পাৰবীন আৰু মহম্মদ কামিলে বাহিৰৰ পৰা গুলীৰ শব্দ শুনিবলৈ পায়।

দুয়োজনে মৃত চিকিৎসকৰ চেম্বাৰত সোমাই দেখে যে জাভেদৰ মূৰটো তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছে। অৱশ্যে অভিযুক্তৰ সন্ধান উলিয়াব পৰা নগ’ল। চিকিৎসকৰ মূৰত গুলীচালনা কৰাৰ পিছতে তেওঁলোকে পলায়ন কৰে বুলি ধাৰণা কৰা হৈছে। কম সময়ৰ ভিতৰতে অত্যধিক ৰক্তক্ষৰণৰ বাবে থিতাতে মৃত্যু হয় চিকিৎসকজনৰ।

লগতে পঢ়কঃ আঘাতৰ বাবে এমাহ বাহিৰত, বাৰ্চিলোনাই এই ১৭ বছৰীয়া ফুটবলাৰক আগবঢ়াইছে ৪৬৪০ কোটি টকা

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত তেওঁলোকে অনুমান কৰে যে আগতীয়াকৈ পৰিকল্পনা কৰিয়েই চিকিৎসকক হত্যা কৰা হৈছে। সেই পৰিকল্পনাৰ অংশ হিচাপে অভিযুক্তই প্ৰেছক্ৰিপচন আনিবলৈ চিকিৎসকৰ চেম্বাৰলৈ গৈছিল। চিকিৎসালয়ৰ ভিতৰত থকা চিচিটিভি ফুটেজ চাই দুয়োজনক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত আছে।