চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ কিশোৰীক: মোবাইল যোগে ৰেকৰ্ড কৰিলে ধৰ্ষণৰ দৃশ্য

Gang Rape

আকৌ এবাৰ প্ৰমাণিত হ’ল দেশৰ আইন-শৃংখলা তথা নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ। দেশৰ অন্য কোণ বাদেই, খোদ ৰাষ্ট্ৰীয় ৰাজধানীতে যে নাই নাৰী সুৰক্ষাৰ কিঞ্চিত ব্যৱস্থা সেয়া পতীয়মান হৈছে আকৌ এবাৰ। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ৰমবৰ্ধমান হাৰৰ সমসাময়িকভাৱে পুনৰ এবাৰ ৰাষ্ট্ৰীয় ৰাজধানীত দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী কিশোৰী।

দিল্লী আৰক্ষীয়ে আজি সদৰি কৰা খবৰ অনুযায়ী যে এগৰাকী ১৬ বছৰীয়া কিশোৰীক ঘৰৰ কাষৰে পৰা অপহৰণ কৰি এখন গাড়ীৰ ভিতৰত দলবদ্ধ ধৰ্ষণ কৰা হৈছে। তিনি দুৰ্বৃত্তই দক্ষিণ দিল্লীৰ বসন্ত বিহাৰৰ পৰা মহিপালপুৰলৈ চলাই নিয়া এখন গাড়ীৰ ভিতৰতে উপৰ্যুপৰি ধৰ্ষণ কৰে কিশোৰী গৰাকীক।

ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়া মতে যোৱা ৬ জুলাইত বন্ধুৰ ঘৰৰ পৰা উভতি অহাৰ পিছত সন্ধিয়া বসন্ত বিহাৰ বজাৰত দুজন চিনাকি যুৱকক লগ পাইছিল।

কিছু সময়ৰ বাবে দুই যুৱকৰ সৈতে কিশোৰী গৰাকী বজাৰৰ চাৰিওফালে ফুৰে আৰু তাৰ পিছতে দুই যুৱকে আন এজন যুৱকক ফোন যোগে সেই স্থানলৈ মাতি পঠায়। দুই বন্ধুৰ কথামতেই যুৱকজনে গাড়ীৰে সেই স্থানত উপস্থিত হয়।

ইয়াৰ পিছতে তিনিও যুৱকে কিশোৰী গৰাকীক লগত লৈ মহিপালপুৰৰ এখন দোকানলৈ যায় আৰু সুৰা ক্ৰয় কৰে। সুৰা ক্ৰয়ৰ পাছতে গাড়ী খন পুনৰ আন স্থানলৈ লৈ যায় আৰু চলন্ত গাড়ীৰ তিনিও যুৱকে কিশোৰী গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে।

এই অত্যাচাৰৰ বাধা দিয়াৰ বাবে তিনিও দুৰ্বৃত্তই কিশোৰী গৰাকীক প্ৰহাৰ কৰাৰ লগতে সমগ্ৰ ধৰ্ষণ কাণ্ড মোবাইল যোগে ৰেকৰ্ডিঙো কৰে। এনে চৰম অত্যাচাৰৰ পিছত তিনিও দুৰ্বৃত্তই যুৱতীগৰাকীক ৰাস্তাৰ কাষত পেলাই থৈ যায়।

আনহাতে এই অমানুষিক অত্যাচাৰত শাৰীৰিকভাৱে দুৰ্বল হৈ পৰাৰ বাবে ছোৱালীজনীৰ পৰিয়ালে প্ৰথমে চিকিৎসালয়ৰ কাষ চাপে। ঘটনাৰ দুদিন পিছত চিকিৎসালয়ৰ দ্বাৰাই এই ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়া হয়।

ইতিমধ্যে ছোৱালীজনীৰ ঘৰৰ কাষৰে তিনিওজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তিনিও অভিযুক্তৰ বয়স ক্ৰমে ২৩, ২৫ আৰু ৩৫ বছৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে।