স্মৃতি ইৰাণীৰ কন্যাৰ বাৰ সম্পৰ্কীয় টুইট আঁতৰ কৰিব লাগিব কংগ্ৰেছ নেতাই, দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গোৱাত স্মৃতি ইৰাণীৰ কন্যাৰ অবৈধ বাৰ থকা সম্পৰ্কে কৰা সকলো টুইট আঁতৰ কৰিব লাগিব কংগ্ৰেছ নেতাই। আজি এই নিৰ্দেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে । কংগ্ৰেছৰ তিনিওজন নেতাকো বিষয়টো সন্দৰ্ভত আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে। শুকুৰবাৰে গোচৰটোৰ শুনানিৰ সময়ত আদালতক কোৱা হয় যে কংগ্ৰেছ নেতাসকলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কন্যাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত লিখা সকলো বোৰ কথা বিলোপ কৰিব লাগিব। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, পৱন খেৰা আৰু নেটা ডিচুজাক জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ জীয়ৰীৰ বিৰুদ্ধে মৃতকৰ নামত বাৰৰ লাইচেঞ্চ জাৰি কৰাৰ অভিযোগ উত্থাপিত হৈছিল। স্মৃতি ইৰাণীয়ে ঘটনাটোৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত মানহানিৰ গোচৰ ৰুজু কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰে। জয়ৰাম ৰমেশ, পৱন খেৰা আৰু নেটা ডিচুজাই অবৈধ বাৰবোৰ তৎক্ষণাৎ বিলোপ কৰিব লাগে বুলি টুইট কৰিছিল।

জয়ৰাম ৰমেশে আদালতৰ নিৰ্দেশো টুইট কৰি লিখিছিল, “এই গোচৰটোৰ উত্তৰ দিবলৈ আদালতৰ দ্বাৰা এখন জাননী প্ৰেৰণ কৰা হৈছে। আমি আমাৰ বিবৃতিও আদালতত উপস্থাপন কৰিম। স্মৃতি ইৰাণীয়ে আমাৰ বিৰুদ্ধে যি অভিযোগ কৰিছে সেয়া আমি মিছা প্ৰমাণ কৰিম। কেইদিনমান আগতে, তিনিজন কংগ্ৰেছ নেতালৈ জাননী প্ৰেৰণ কৰা হৈছিল। এইটো কোৱা হৈছিল যে কংগ্ৰেছ নেতাসকলে স্মৃতিৰ জীয়ৰীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ বাবে চৰ্তহীন ক্ষমা বিচাৰিব লাগে। জাননীখনত এইটোও কোৱা হৈছিল যে জইশ ইৰাণীয়ে কোনো বাৰ নচলায়।

এনে অভিযোগবোৰে জইছ আৰু তেওঁৰ মাতৃক বদনাম কৰিছে। ২২ জুনত, সুৰাৰ দোকান, চিলি চ’লচ কেফে আৰু বাৰৰ অনুজ্ঞাপত্ৰ নৱীকৰণ কৰা হয়। অনুজ্ঞাপত্ৰখন এন্থনি ডি’গামা নামৰ এজন ব্যক্তিৰ নামত কৰা হৈছিল। কিন্তু তেতিয়া এজন স্থানীয় অধিবক্তা ইৰেছ ৰড্ৰিগেজে অভিযোগ কৰিছিল যে বিভ্ৰান্তিকৰ নথিপত্ৰ দাখিল কৰি অনুজ্ঞাপত্ৰ প্ৰাপ্ত কৰা হৈছিল। তেওঁ সকলো নথিপত্ৰ চাবলৈ আৰটিআই আবেদন দাখিল কৰিছিল। এয়া জনা যায় যে এন্থনী ডি’গামাৰ ১৭ মে, ২০২১ তাৰিখে মৃত্যু হৈছিল। খাদ্য বিশেষজ্ঞ কুনাল বিজয়কাৰৰ সৈতে হোৱা আলোচনাত স্মৃতি ইৰাণীৰ কন্যা জইশে কয় যে গোৱাত আন্তঃৰাষ্ট্ৰীয় মানৰ খাদ্য নাই। সেই অভাৱ তেওঁৰ ৰেষ্টুৰেণ্ট চিলি ছ’লছৰ দ্বাৰা পূৰণ কৰা হ’ব।