NORTHEAST NOW (Assamese)

দিল্লী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ক’ৰ’না পজিটিভ; দ্ৰুত আৰোগ্য কামনা কেজৰিৱালৰ

June 17, 2020 9:45 pm · এন ই নাও নিউজ
দিল্লীৰ স্বাস্থ্য মন্ত্ৰী

দিল্লী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী চৈত্যেন্দৰ জৈনৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মঙলবাৰে কৰা ক’ৰ’নাৰ পৰীক্ষাত দিল্লীৰ স্বাস্থ্য মন্ত্ৰী চৈতেন্দৰ জৈনৰ ফলাফল নিগেটিভ আহিছিল যদিও আজি দ্বিতীয়বাৰৰ বাবে কৰা পৰীক্ষাত ফলাফল পজিটিভ আহে।

জৈনক বৰ্তমান ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটি হাস্পিটেলত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

দেওবাৰৰ পৰা স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে তীব্ৰ জ্বৰ আৰু উশাহ লোৱাত কষ্ট অনুভৱ কৰি আছিল।

মুখ্য মন্ত্ৰী কেজৰিৱালে স্বাস্থ্য মন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰে।

আনহাতে, দিল্লীৰ স্বয়ং স্বাস্থ্য মন্ত্ৰীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত আতংকিত হৈ পৰিছে দিল্লী বাসী।

ইয়াৰ পূৰ্বে দিল্লীৰ আপৰ বিধায়ক আতিশী মাৰ্লিনা আৰু দলটোৰ এগৰাকী মুখপাত্ৰৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

আতিশীয়ে বৰ্তমান নিজৰ গৃহতে আইছ’লেশ্যনত থাকি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছে।

দিল্লীত শেহতীয়াভাৱে ক’ৰ’না সংক্ৰমণৰ হাৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। দিল্লীৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে দিল্লী চৰকাৰৰ সৈতেও আলোচনাত মিলিত হৈছে।

Related News