কেজৰিৱালৰ জামিন আবেদন নাকচ : ৭৫ হাজাৰ টকা জৰিমনা বিহিলে দিল্লী উচ্চ ন্যায়ালয়ে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন বিচাৰি কৰা জনস্বাৰ্থৰ আবেদন খাৰিজ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ত ‘অসাধাৰণ অন্তৱৰ্তীকালীন জামিন’ বিচাৰি পিআইএল দাখিল কৰা হৈছিল আবেদন। 

আৱেদনখনত কেজৰিৱালক মুখ্যমন্ত্ৰীৰ কাৰ্যকাল সম্পূৰ্ণ নোহোৱালৈকে আৰু সকলো গোচৰৰ বিচাৰ সম্পূৰ্ণ নোহোৱালৈকে জামিন প্ৰদান কৰিবলৈ উল্লেখ কৰা হৈছিল। 

ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনমীত প্ৰীতম সিং অৰোৰাৰে গঠিত দিল্লী উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে আবেদন খাৰিজ কৰি আবেদনকাৰীক ৭৫ হাজাৰ টকাৰ জৰিমনা বিহা কৰে। আদালতে কয়, এই আবেদন ভিত্তিহীন। আনকি অৰবিন্দ কেজৰিৱালে এই জনস্বাৰ্থ আৱেদনৰ বাবে আবেদনকাৰীক কোনো পাৱাৰ অৱ এটৰ্নী দিয়া নাই।

আদালতে লগতে কয় যে আম আদমী পাৰ্টিৰ নেতাগৰাকী বৰ্তমান আদালতৰ নিৰ্দেশত ন্যায়িক জিম্মাত আছে। চৰকাৰী উচ্চ পদবীত থকা ব্যক্তিক এনে অসাধাৰণ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিব নোৱাৰি।

আইনৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ এজনে উই দ্য পিপল অৱ ইণ্ডিয়াৰ নামত এই আবেদন দাখিল কৰা বুলি বিচাৰপীঠে জানিবলৈ দিয়ে। 

ছাত্ৰগৰাকীয়ে আবেদনত উল্লেখ কৰে যে তিহাৰ কাৰাগাৰত বহু কলংকিত অপৰাধীয়ে শাস্তি ভুগি আছে। ইয়াৰ ভিতৰত বোমা বিস্ফোৰণ, ধৰ্ষণ-হত্যা, ডকাইতিৰ গোচৰৰ অপৰাধীও আছে। এনে পৰিবেশত অৰবিন্দ কেজৰিৱালৰ জীৱন নিৰাপদ নহয়। 

ইয়াৰ উত্তৰত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মনমোহনে কয়, “আপুনি আইন মহাবিদ্যালয়ৰ ক্লাছত দৈনিক উপস্থিত থাকে নে? মই আপুনি শ্ৰেণীত উপস্থিত থাকে বুলি নাভাবোঁ। কাৰণ আপুনি আইনৰ মৌলিক নীতিয়েই বুজি পোৱা নাই।

আৱেদনকাৰীয়ে কেজৰিৱালক ব্যক্তিগত বণ্ডত মুকলি কৰি দিবলৈ দাবী জনোৱাত আশ্চৰ্য্য প্ৰকাশ কৰে আদালতে। কেৱল এয়াই নহয়, ব্যক্তিজনে কয় যে মুখ্যমন্ত্ৰীয়ে তদন্তত কোনো প্ৰভাৱ নপৰে বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিবলৈ তেওঁ সাজু। অৱশ্যে এই বক্তব্যৰ সমৰ্থনত কেজৰিৱালে তেওঁৰ ওচৰত কোনো পাৱাৰ অৱ এটৰ্নী দাখিল কৰা নাই।