দিল্লী উচ্চ ন্যায়ালয়ে সৈনিকসকলৰ বাবে অক্ষমতা পেঞ্চনৰ সমৰ্থন জনাই দেশৰ নৈতিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি শেহতীয়া এটা ৰায়ত সৈনিক জীৱনৰ কঠিন পৰিস্থিতিৰ কথা আলোকপাত কৰিছে। জাষ্টিছ চি হৰিশংকৰ আৰু জাষ্টিছ অজয় দিগপালৰ বিচাৰপীঠে দুজন সৈনিকক অক্ষমতা পেঞ্চন প্ৰদানৰ সপক্ষে ৰায় দান দিছে।
বিচাৰপীঠে কয় যে সৈনিকসকল দেশৰ বাবে কঠোৰ পৰিশ্ৰম কৰে আৰু তেওঁলোকৰ কামৰ পৰিস্থিতিয়ে ৰোগ আৰু অক্ষমতাৰ সৃষ্টি কৰিব পাৰে। তেওঁলোকৰ ত্যাগৰ বাবে দেশে তেওঁলোকক সহায় আৰু সন্মান দিব লাগে। এই গোচৰত এজন সৈনিকৰ টাইপ II ডায়েবেটিছ ৩০ বছৰ সেৱাৰ পিছত দেখা দিছিল। যদিও তেওঁৰ সামৰিক সেৱাৰ সময়ত এই ৰোগ ধৰা পৰিছিল, তথাপিও চিকিৎসা প্ৰতিবেদনত তেওঁৰ সামৰিক কৰ্তব্যৰ বাবেই এই ৰোগ হোৱা বুলি প্ৰমাণ কৰিব পৰাকৈ পৰ্যাপ্ত প্ৰমাণ পোৱা নাছিল। এই প্ৰতিবেদনত জোৱানজনৰ অসুস্থতাৰ সৈতে তেওঁৰ সামৰিক সেৱাৰ সম্পৰ্ক স্পষ্টভাৱে উল্লেখ নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ মানদণ্ড পূৰণ কৰাত ব্যৰ্থ হোৱা বুলি বিচাৰপীঠে কয়।
আদালতে জোৰ দি কয় যে যদিহে তেওঁলোকে বিশ্বাস কৰে যে এই ৰোগ সামৰিক সেৱাৰ সৈতে জড়িত নহয় তেন্তে স্পষ্ট প্ৰমাণ প্ৰদান কৰাৰ দায়িত্ব চিকিৎসা বিষয়াসকলৰ ওপৰত। সামৰিক জীৱনত সাধাৰণ মানসিক চাপৰ পৰিস্থিতিৰ ফলত ডায়েবেটিছ ৰোগ আৰু বেছি বেয়া হ’ব পাৰে বুলিও বিচাৰপীঠে কয়।
উল্লেখ্য যে গোৱাছ অনিল মাডছো নামৰ এজন সৈনিকে ১৯৮৫ৰ পৰা ২০১৫লৈ সেৱা কৰিছিল আৰু ডায়েবেটিছৰ বাবে অৱসৰ লৈছিল। তেওঁৰ ২০ শতাংশ অক্ষমতা ধৰা পৰিছিল, কিন্তু পেঞ্চন নাকচ কৰা হৈছিল।
দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ আপীল খাৰিজ কৰি সৈনিকসকলক পেঞ্চন দিয়াৰ নিৰ্দেশ দিছে। এই ৰায়ে সৈনিকসকলৰ প্ৰতি দেশৰ দায়িত্বৰ কথা পুনৰ সোঁৱৰাই দিছে।