• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 6:18 pm
55
VIEWS
Share on FacebookShare on Twitter

আকাশৰ মাজভাগতে পুনৰ বিপদৰ সন্মুখীন এখন বিমান। দিল্লীৰ পৰা ইম্ফল অভিমুখী এখন ইণ্ডিগো বিমান কোনোমতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। উৰণৰ কেইমিনিটমানৰ ভিতৰতে বিমানখন দিল্লীলৈ উভতি আহি নিৰাপদে অৱতৰণ কৰে।

বুধবাৰে ইণ্ডিগোৰ দিল্লী-গোৱা বিমানখন আকাশৰ মাজভাগৰ পৰাই ওভতাই নিয়া হয়। ফলত একেদিনাই বাৰে বাৰে বিমান বিকল হোৱাত যাত্ৰীসকল আতংকিত হৈ পৰে।

ইণ্ডিগোৰ এগৰাকী মুখপাত্ৰই কয়, ‘বৃহস্পতিবাৰে দিল্লীৰ পৰা ইম্ফললৈ যোৱা ৬ই ৫১১৮ বিমানখনে উত্তৰ-পূবৰ দিশে ৰাওনা হওতেই যান্ত্ৰিক বিজুতিৰ ধৰা পৰে। ইয়াৰ পিছত পাইলটসকলে কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়। বিমানখনে পুনৰ গতিপথ সলনি কৰি ৰাজধানীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে।’

কোম্পানীটোৱে জনোৱা মতে, বিমানখন নিৰাপদে দিল্লীলৈ উভতি আহে। ইয়াৰ পিছত বিমানখনত প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰা হয়। যান্ত্ৰিক ত্ৰুটি ক’ত হৈছে সেইটো নিৰ্ণয় কৰিবলৈ সকলো ধৰণৰ পৰীক্ষা কৰা হৈছিল। কিছু সময়ৰ পিছত পুনৰ বিমানখনে উৰণ আৰম্ভ কৰে। ইণ্ডিগোৱে কয় যে যাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছিল।

কিন্তু বিমানখনত কিমানজন যাত্ৰী আছিল বা কেনেধৰণৰ সমস্যাৰ বাবে বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হৈছিল সেই কথা স্পষ্টকৈ উল্লেখ কৰা নাই বিমান সংস্থাটোৱে। কিন্তু বিমান সংস্থাটোৱে ধাৰণা কৰে যে সংকীৰ্ণভাৱে এটা বৃহৎ দুৰ্ঘটনাৰ পৰা হাত সাৰিব পৰা গ’ল।

ইয়াৰ পূৰ্বে ইণ্ডিগ’ৰ দিল্লী-গোৱা বিমানখন মাজ আকাশৰ পৰা ডাইভাৰ্ট কৰা হৈছিল। গোৱা অভিমুখী বিমানখন মুম্বাইলৈ ডাইভাৰ্ট কৰা হয়। ইণ্ডিগ’ৰ গোৱা অভিমুখী বিমানখন আকাশৰ মাজৰ পৰা পোনে পোনে মুম্বাইলৈ ডাইভাৰ্ট কৰি তাৰ পিছত অৱতৰণ কৰে। সেই সূতা কাটি নোপোৱাকৈয়ে এইবাৰ ইণ্ডিগ’ৰ দিল্লী-ইম্ফল বিমানখনো মাজ আকাশৰ পৰা ডাইভাৰ্ট কৰা হ’ল।

সূত্ৰ অনুসৰি বুধবাৰে নিশা ৯:২৫ বজাত দিল্লী-গোৱা অভিমুখী বিমানখনে মহাৰাষ্ট্ৰৰ আকাশমাৰ্গ স্পৰ্শ কৰাৰ সময়ত পাইলটে ককপিটৰ পৰাই ‘পূৰ্ণ জৰুৰীকালীন’ ঘোষণা কৰে। ইয়াৰ ১৭ মিনিট পিছত, নিশা ৯:৪২ বজাত মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন।

ইণ্ডিগ’ই জনোৱা মতে, ৬ ই ৬২৭১ বিমানখনে দিল্লীৰ পৰা গোৱাৰ মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গৈ আছিল। সেই সময়তে এক যান্ত্ৰিক বিজুতি ধৰা পৰে। প্ৰট’কল অনুসৰি যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি বিমানখন মুম্বাইলৈ ডাইভাৰ্ট কৰা হয়। ঘটনাৰ পিছতে যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যাবলৈ আন এখন বিমান প্ৰেৰণ কৰা হয়। ইঞ্জিন বিকল হোৱা বিমানখন মেৰামতিৰ বাবে প্ৰেৰণ কৰা হয়। শেহতীয়াকৈ জৰুৰীকালীন অৱতৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। যোৱা মাহত গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ ৰেশ এতিয়াও মাৰ যোৱা নাই। য’ত ২৭০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।

Recent News

মৰিগাঁৱত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ দোষত দোষী সাব্যস্ত : ২০ বছৰৰ কাৰাদণ্ড অপৰাধীক

মৰিগাঁৱত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ দোষত দোষী সাব্যস্ত : ২০ বছৰৰ কাৰাদণ্ড অপৰাধীক

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd