NORTHEAST NOW (Assamese)

পুনৰ বোমাতংক বিমানত : জাৰ্মানীতে অৱতৰণ দিল্লী-লণ্ডন অভিমুখী বিমান

October 19, 2024 10:17 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বিগত কিছুদিন ধৰি বিমানত বোমাৰ আতংকৰ ঘটনা সংঘটিত হৈ আহিছে। বহু বিমানে লাভ কৰিছে উৰণ সতৰ্কবাণী।

এইবাৰ দিল্লী-লণ্ডন অভিমুখী বিমানত সৃষ্টি হৈছে বোমাৰ আতংক। ভাবুকি লাভৰ পিছতেই উৰি থকা বিমানখন জাৰ্মানীৰ ফ্ৰেংকফৰ্ট বিমানবন্দৰত অৱতৰণ কৰা হয়।

ভিষ্টাৰাই জানিবলৈ দিয়া মতে বিমানখনত তালাচী চলোৱা হয়। ছিকিউৰিটি ক্লিয়াৰেন্স পোৱাৰ পিছত বিমানখন পুনৰ গন্তব্যস্থানলৈ ৰাওনা হয়।

খবৰ অনুসৰি শুকুৰবাৰে উৰা মাৰিছিল ভিষ্টাৰাৰ ফ্লাইট নম্বৰ ইউ কে ১৭। কিন্তু যেতিয়া বিমানখন আকাশৰ মাজত আছিল তেতিয়া বোমাৰে বিমানখন উৰুৱাই দিয়াৰ ভাবুকি দিয়ে।

ইয়াৰ পিছত সংশ্লিষ্ট সকলো নিৰাপত্তা সংস্থাক এই বিষয়ে অৱগত কৰা হয়। বিমানখন ফ্ৰেংকফৰ্টত অৱতৰণ কৰোওৱা হয়।

বিমানখনৰ পৰা যাত্ৰীসকলক নিৰাপদে উলিয়াই অনা হয়। অৱশ্যে বিমানখনত তালাচী চলাই কোনো বোমা বা বিস্ফোৰক সামগ্ৰী পোৱা নগ’ল।

Related News