বৰ্বৰ! পাৰ্কৰ ভিতৰত কুকুৰক ধৰ্ষণ বিবাহিত ব্যক্তিৰ: ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ

dog rapped

দেশৰ ৰাজধানী দিল্লীত সংঘটিত হৈছে এক বৰ্বৰ তথা লজ্জাজনক ঘটনা। এক ব্যক্তিৰ বিকৃত যৌন মানসিকতাৰ বলি হৈছে এটি কুকুৰ। নিজৰ যৌন চৰিতাৰ্থ পূৰণ কৰিবলৈ এই ব্যক্তিগৰাকীয়ে এটি মাইকী কুকুৰক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

পশ্চিম দিল্লীৰ হৰি নগৰ অঞ্চলৰ এখন পাৰ্কত অভিযুক্ত ব্যক্তিগৰাকীয়ে কুকুৰজনীক ধৰ্ষণ কৰা বুলি জানিব পৰা গৈছে। অভিযুক্ত ব্যক্তিগৰাকীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ সময়ত কোনো ব্যক্তিয়ে এই দৃশ্য কেমাৰাত ভিডিঅ’ কৰি ৰাখিছিল।

এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে ভিডিঅ’টো লাভ কৰে আৰু ইয়াৰ আধাৰতে অভিযুক্ত ব্যক্তিগৰাকীৰ সন্ধান আৰম্ভ কৰে আৰু অভিযুক্তক চিনাক্ত কৰে।

যোৱা দেওবাৰে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰা আৰু পশু নিষ্ঠুৰতা আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত ব্যক্তিগৰাকী বিবাহিত আৰু এটি সন্তানৰ পিতৃ বুলি আৰক্ষীয়ে সদৰী কৰিছে।

সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত ব্যক্তিগৰাকী পূৰ্বেও এনে কাৰ্যত জড়িত আছিল নেকি, সেই সন্দৰ্ভত তদন্ত চলাই আছে বুলি জানিবলৈ দিছে।