NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত লৰিল গা! ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব মেয়ৰ নিৰ্বাচন

February 18, 2023 8:42 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাই মুকলি কৰিলে দিল্লীৰ মেয়ৰ নিৰ্বাচনৰ পথ। শীৰ্ষ আদালতত আম আদমী পাৰ্টিৰ বৃহৎ বিজয়ৰ এদিন পিছতে আজি লেফটেনেণ্ট গৱৰ্ণৰে অনুমোদন জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰস্তাৱত। সেই অনুসৰি এতিয়া দিল্লীৰ মেয়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ২২ ফেব্ৰুৱাৰীত।

২২ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত দিল্লী পৌৰ নিগম সদনত অনুষ্ঠিত হ’ব মেয়ৰ নিৰ্বাচন। মেয়ৰ নিৰ্বাচনৰ পিছত একেদিনাই ডেপুটি মেয়ৰ আৰু স্থায়ী সমিতিৰ ৬ গৰাকী সদস্যক নিৰ্বাচিত কৰা হ’ব।

উল্লেখ্য যে, লেফটেনেণ্ট গৱৰ্ণৰৰ দ্বাৰা মনোনীত সদস্যসকলৰ ভোটদানৰ অধিকাৰ আছে নে নাই তাক লৈ শাসনাধিষ্ঠ আপ আৰু কেন্দ্ৰৰ দ্বাৰা নিযুক্ত লেফটেনেণ্ট গভৰ্ণৰৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা বিবাদৰ বাবে দুমাহৰ ভিতৰত তিনিবাৰকৈ নিৰ্বাচন স্থগিত ৰখা হৈছিল।

কিন্তু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে মনোনীত সদস্যসকলে মেয়ৰ নিৰ্বাচনত ভোটদান কৰিব নোৱাৰে বুলি ৰায় দিয়াৰ লগে লগে এই বিবাদত জয় লাভ কৰে আপে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ফলত আপৰ প্ৰস্তাৱত অনুমোদন জনাবলৈ বাধ্য হয় লেফটেনেণ্ট গৱৰ্নৰ।

বিগত বৰ্ষৰ ডিচেম্বৰত পৌৰ নিৰ্বাচনত আপে বিজেপিৰ ১৫ বছৰীয়া শাসনৰ সমাপ্তি ঘটাই প্ৰথমবাৰৰ বাবে নিগম দখল কৰিছিল। কিন্তু বিজেপিয়ে মনোনীত প্ৰাৰ্থীসকলৰ ভোটেৰে দিল্লী পৌৰ নিগমৰ মেয়ৰ পদটো নিজৰ দখললৈ নিয়াৰ কুঅভিনন্ধী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আম আদমী পাৰ্টিয়ে।

লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই মনোনীত কৰা কাউন্সিলৰ সদস্যসকলে মেয়ৰৰ নিৰ্বাচনত ভোটদানৰ চেষ্টা কৰিছিল আৰু আপে ইয়াৰ তীব্ৰ বিৰোধ কৰে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে মেয়ৰ নিৰ্বাচনত উপ ৰাজ্যপালে মনোনীত কৰা সদস্যসকলে ভোটদান কৰিব নোৱাৰিব।

এই ৰায়ৰ পাছতে দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি উচ্চতম ন্যায়ালয়ৰ এই আদেশে কেনেদৰে লেফটেনেণ্ট গৱৰ্ণৰ আৰু বিজেপিয়ে দিল্লীত অসাংবিধানিক আদেশ প্ৰদান কৰি আহিছে তাকেই প্ৰমাণ কৰিলে বুলি মন্তব্য কৰিছিল।

“উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ গণতন্ত্ৰৰ জয়। উচ্চতম ন্যায়ালয়ৰ বহুত বহুত ধন্যবাদ। দিল্লীয়ে এতিয়া ডেৰ-দুমাহৰ পিছত মেয়ৰ পাব। এতিয়া প্ৰমাণিত হৈছে যে কেনেকৈ লেফটেনেণ্ট গৱৰ্ণৰ আৰু বিজেপিয়ে একেলগে অবৈধ আৰু অসাংবিধানিক আদেশ গৃহীত কৰিছে।” কেজৰিৱালে টুইটত কয়।

Related News