দিল্লী কিশোৰী ধৰ্ষণকাণ্ড: ধৰ্ষণৰ পূৰ্বে ড্ৰাগছ সেৱন কৰোৱা হৈছিল ভুক্তভোগীক
দেশ জোকাৰি যোৱা দিল্লীৰ নৃশংস কিশোৰী ধৰ্ষণকাণ্ডৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এই তথ্য অনুসৰি, বন্ধুকন্যাক একাধিকবাৰ ধৰ্ষণৰ অভিযুক্ত দিল্লী চৰকাৰৰ জ্যেষ্ঠ বিষয়া প্ৰেমোদয় খাখাই কিশোৰীগৰাকীক প্ৰতিবাৰেই ধৰ্ষণৰ পূৰ্বে ড্ৰাগছ সেৱন কৰাই লৈছিল।
আৰক্ষীয়ে লগতে সদৰী কৰা মতে, ২০২০ চনৰ ৩১ অক্টোবৰত প্ৰথমবাৰ ধৰ্ষণৰ বলি হৈছিল কিশোৰীগৰাকী।পিতৃৰ মৃত্যুত ভাগি পৰা কিশোৰীগৰাকীক মাকে উত্তৰ-পূব দিল্লীৰ বুৰাৰীত থকা পিতৃবন্ধু খাখাৰ ঘৰত থৈ গৈছিল আৰু তাৰ দুসপ্তাহৰ পিছতে সংঘটিত হৈছিল এই ঘৃণনীয় কাণ্ড।
আৰক্ষী সূত্ৰই লগতে জানিবলৈ দিয়া মতে, বুৰাৰীত পাঁচ মাহ থকাৰ সময়ছোৱাত কিশোৰীগৰাকীক ২০২১ চনৰ ফেব্ৰুৱাৰী মাহতো পুনৰ ধৰ্ষণ কৰা হৈছিল। এই চৰম আতিশয্যৰ এমাহৰ পাছত তেওঁ এক পাৰিবাৰিক অনুষ্ঠানৰ বাবে ঝাৰখণ্ডলৈ গৈছিল বাবে আৰু তাৰ পিছত খাখাৰ ঘৰলৈ পুনৰ উভতি অহা নাছিল।
ইফালে কিশোৰীগৰাকীয়ে আৰক্ষীৰ আগত আন এক চাঞ্চল্যকৰ তথ্য উল্লেখ কৰিছে। কিশোৰীগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য মতে, খাখাই কেৱল ঘৰৰ ভিতৰতে নহয়, গীৰ্জাতো চলাইছিল এই অকথ্য নিৰ্যাতন।
আৰক্ষীয়ে উল্লেখ কৰা মতে, ২০২০ চনত পিতৃৰ মৃত্যুৰ পিছত সঘনাই পেনিক এটেকত আক্ৰান্ত হৈ পৰিছিল। ফলস্বৰূপে নৱম শ্ৰেণীৰ পিছত বিদ্যালয় এৰি মুকলি শিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলগীয়া হয় কিশোৰীগৰাকীয়ে।
বৰ্তমান দ্বাদশ শ্ৰেণীৰ ছাত্ৰী কিশোৰীগৰাকীয়ে এই সমগ্ৰ ঘটনাৰ বিষয়ে কোনো লোকৰে আগত অৱগত কৰা নাছিল। শেহতীয়াকৈ তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ হাস্পতালৰ এগৰাকী থেৰাপিষ্টক ঘটনাৰ বিষয়ে কোৱাৰ পিছতহে এই ধৰ্ষণৰ কথা পোহৰলৈ আহিছে।
উল্লেখ্য যে, এই নৃশংস কাণ্ডৰ অভিযুক্ত চৰকাৰী বিষয়া প্ৰেমোদয় খাখাক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বিষয়াগৰাকীৰ পত্নী সীমা ৰাণীকো এই ঘৃণনীয় কাণ্ডত সহযোগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই উল্লেখ কৰা মতে, সীমা ৰাণী এই সমগ্ৰ কাণ্ডৰ বিষয়ে অৱগত আছিল আৰু ঘটনাক গাপ দি ৰখাৰ উদ্দেশ্যে কিশোৰীগৰাকীক গৰ্ভপাতৰ বাবে ঔষধ দিয়া বুলি অভিযোগ উঠিছে।
লক্ষণীয়ভাৱে খাখাক গ্ৰেপ্তাৰ কৰাত পলম হোৱাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু শাসকীয় আম আদমী পাৰ্টিয়ে দিল্লী আৰক্ষীক সমালোচনা কৰিছিল।
অভিযুক্ত বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱাটো এই গোচৰৰ আটাইতকৈ লজ্জাজনক দিশ বুলি উল্লেখ কৰি আপে খাখাৰ বিৰুদ্ধে আইনৰ সৰ্বোচ্চ পৰিসৰত গোচৰ চলাবলৈ দাবী জনায়।
গ্ৰেপ্তাৰ হোৱাৰ কিছু সময়ৰ পূৰ্বে অভিযুক্ত খাখাক দিল্লী চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহকাৰী সঞ্চালক পদৰ পৰা নিলম্বিত কৰা হয়।খাখাৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা(POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
ইফালে, অভিযুক্ত খাখাই তেওঁৰ বিৰুদ্ধে উত্থাপিত এই সকলো অভিযোগ ভুৱা বুলি দাবী কৰি তদন্তত সহযোগ কৰা নাই বুলি দিল্লী আৰক্ষীৰ সূত্ৰইও জানিবলৈ দিছে।