ক্লাবহাউচ চাট কেচ: লক্ষ্ণৌৰ পৰা ১৮ বৰ্ষৰ কিশোৰক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

Clubhouse Chat case

সমগ্ৰ দেশতে তোলপাৰ লগোৱা বিতৰ্কিত ক্লাবহাউচ চাট কেচ সন্দৰ্ভত লক্ষ্ণৌৰ পৰা এজন ১৮ বছৰীয়া কিশোৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।

উল্লেখ্য যে কেইদিনমান পূৰ্বে ক্লাবহাউচ নামৰ এটা এপৰ জৰিয়তে মুছলমান মহিলাক যৌন উৎপীড়ণৰ লক্ষ্য কৰি লোৱা এটা অডিঅ’ ক্লীপ ভাইৰেল হৈছিল।

এই এপটোৰ এটা চাটিং ৰুমত অংশগ্ৰহণকাৰী হিন্দুত্ববাদী একাংশ কিশোৰ-কিশোৰীয়ে মুছলমান মহিলাৰ বিৰুদ্ধে অপমানজনক আৰু আপত্তিজনক মন্তব্য কৰা শুনা গৈছিল।

আজি দিল্লী আৰক্ষীয়ে লক্ষ্ণৌলৈ এটা দল প্ৰেৰণ কৰি এই অশালীন আৰু বিতৰ্কিত চাটিঙত অভিযুক্ত ৰাহুল কাপুৰ নামৰ কিশোৰজনক আটক কৰে। অভিযুক্ত ৰাহুলে ‘বিছমিল্লা’ নামৰ ব্যৱহাৰকাৰী-আইডিৰে উক্ত চাটিঙত অংশগ্ৰহণ কৰিছিল।

ধৃত কাপুৰে এজন ব্যক্তিৰ নিৰ্দেশত এটা অডিঅ’ চেট ৰুম সৃষ্টি কৰিছিল আৰু পিছত তেওঁক মডাৰেটৰৰ দায়িত্ব হস্তান্তৰ কৰিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। আৰক্ষী উপায়ুক্ত কেপিএছ মালহোত্ৰাই এই কৰা সদৰি কৰে।

কাপুৰৰ ম’বাইল ফোনটো জব্দ কৰা হৈছে আৰু তেওঁক সন্ধিয়াৰ ভিতৰত দিল্লীত চলি থকা তদন্ত প্ৰক্ৰিয়াত যোগ কৰা হ’ব।

উল্লেখ্য যে মুম্বাই আৰক্ষীয়ে শুকুৰবাৰে বাৰ্তালাপৰ সন্দৰ্ভত হাৰিয়ানাৰ পৰা তিনিজন লোকক আটক কৰিছিল।

মুম্বাই অপৰাধ শাখাৰ চাইবাৰ চেলে এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত তিনিজন অভিযুক্তৰ বিৰুদ্ধে আইপিচিৰ ধাৰা 153(a), 295(a), 354(a), 354(d) আৰু তথ্য প্ৰযুক্তি আইন 2000-ৰ ধাৰা 67 ৰ অধীনত গোচৰ ৰুজু কৰে।

ধৃত অভিযুক্তসকলক আকাশ, জেষ্ণৱ কক্কৰ আৰু যশ পৰাশৰ বুলি চিনাক্ত কৰা হৈছে।