২৯২ জন বিদেশী তবলিগীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰিলে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই

tablighi-jamaat-1586399636-1589549250

দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ১৪ খন বিদেশী ৰাষ্ট্ৰৰ আৰু ১৫ গৰাকী বিদেশী তবলিগীৰ বিৰুদ্ধে চাকেট জিলা আদালত চাৰ্জ শ্বীট দাখিল কৰে।

ইয়াৰ লগে লগে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই চাৰ্জ শ্বীট দাখিল কৰা বিদেশী তবলিগীৰ সংখ্যা সৰ্বমুঠ ২৯২ গৰাকীলৈ বৃদ্ধি পাইছে।

দেশত ক’ৰ’নাৰ হটস্পটৰূপে বিবেচিত নিজামুদ্দিন মাৰ্কাজৰ তবলিগীৰ জামাতত অংশগ্ৰহণ কৰা এই বিদেশী জামাতীসকলৰ বিৰুদ্ধে মেট্ৰ’পলিটান দণ্ডাধীশ জিতেন্দ্ৰ প্ৰতাপ সিঙৰ আদালত ১৩,০৭০ পৃষ্ঠাজোৰা চাৰ্জ শ্বীট দাখিল কৰে দিল্লী আৰক্ষীয়ে।

চাৰ্জ শ্বীট দাখিল কৰি দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ এজন বিষয়াই আদালতক কয় যে এই ঘটনাত ৯০০ ৰো অধিক অভিযুক্ত আছে। এতিয়া ইয়াৰে ১৫ খন চাৰ্জ শ্বীটত ১৪ খন বিদেশী ৰাষ্ট্ৰৰ ২৯২ গৰাকী অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰা হৈছে।

অভিযুক্তসকলৰ ভিছা ইতিমধ্যে বাতিল আৰু ব্লেকলিষ্টেড কৰা হৈছে। তেওঁলোকে দেশৰ ভিছা নীতি উলংঘা কৰি এটা অপৰাধ কৰিছে। এইবুলি আদালতক কয় অপৰাধ শাখাই।

ইয়াৰ এদিনৰ পূৰ্বে ৮২ গৰাকী বিৰুদ্ধে ২০ খন চাৰ্জ শ্বীট দাখিল কৰা হৈছিল আৰু আজিও কেবাজন বিদেশীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰিব দিল্লী আৰক্ষীৰ অপৰাধ শাখাই।

আদালতৰ বিচাৰপতিয়ে অপৰাধ শাখাক জামাতৰ পুঁজিৰ উৎসৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত অপৰাধ শাখাই আদালতক জনায় যে ই ডি আৰু চি বি আইএ পুঁজিৰ উৎসৰ সন্ধানত তদন্ত কৰি আছে।

এতিয়ালৈকে ৮০ গৰাকী মালয়েছিয়া, ৮০ গৰাকী বাংলাদেশ, ম্যানমাৰৰ ৪৪ গৰাকী, থাইলেণ্ডৰ ৩৯ গৰাকী, নেপালৰ ২২ গৰাকী, শ্ৰীলংকাৰ ১৭ গৰাকী, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, দ্বিবউতি আৰু কেনিয়াৰ ২ গৰাকী আৰু মালী, নাইজেৰিয়া, টানঞ্জানিয়া আৰু দক্ষিণ আফ্ৰিকাৰ ১ গৰাকীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰা হৈছে।

ভাৰতীয় দণ্ডবিধি আইনৰ ১৪ (খ) বিদেশী আইন, ১৯৪৬, মহামাৰীজনিত ৰোগ আইন, ১৮৯৭ৰ ধাৰা ৩, দুর্যোগ ব্যবস্থাপনা আইন, ২০০৫ৰ ধাৰা ৫১ আৰু ধাৰা ১৮৮ (চৰকাৰী কর্মচাৰীৰ দ্বাৰা যথাযথভাবে দিয়া আদেশ অমান্যকৰণ), ২৬৯ (জীৱনৰ বাবে সংকটজনক ৰোগ সংক্রমণ অৱহেলাকৰণ), ২৭০ ভাৰতীয় জীৱন দণ্ডবিধি (আইপিচি)ৰ ২৭১ (ৰোগৰ সংক্রমণ ৰোধৰ কোৱাৰেন্টাইন নীতি অৱমাননা) আদি বিভিন্ন ধাৰাৰ অধীনত চাৰ্জ শ্বীট দাখিল কৰা হৈছে।