বিজেপি নেতাৰ টুইটক ‘মেনিপুলেটেড ট্যাগ’! টুইটাৰৰ কাৰ্যালয়ত দিল্লী আৰক্ষীৰ অভিযান
গুৰুগ্ৰামত থকা টুইটাৰৰ ভাৰতীয় কাৰ্যালয়ত অভিযান চলালে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ বিশেষ শাখাই লগতে এনচিআৰ অঞ্চলৰ লাড’চৰাইত থকা টুইটাৰৰ আন এটা কাৰ্যালয়তো অভিযান চলায়।
সূত্ৰসমূহৰ মতে, বিজেপি নেতা সম্বত পাত্ৰৰ এটা প’ষ্ট মেনিপুলেটেড মিডিয়া আখ্যা দিয়াৰ বাবেই চলোৱা হয় এই অভিযান।
কেইবাদিনো ধৰি Toolkitক লৈ বিজেপি আৰু কংগ্ৰেছৰ ৰাজনৈতিক যুঁজে ছচিয়েল মিডিয়া গৰম কৰি ৰাখিছে। বিজেপিয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ কংগ্ৰেছে টুলকিটৰ সহায় লৈছে।
সেই টুলকিট বিজেপিৰ হাতত পৰা বুলি দাবী কৰি টুইট কৰিছিল সম্বিত পাত্ৰই।
ইয়াৰ পাছতেই স্মৃতি ইৰাণী, জে পি নাড্ডাকে ধৰি সম্বিত পাত্ৰৰ বিৰুদ্ধে কংগ্ৰেছে এজাহাৰ দাখিল কৰে। কংগ্ৰেছে দাবী কৰে যে এই টুলকিট সম্পূৰ্ণ ভুৱা।
তাৰপাছত মেনিপুলেটেড মিডিয়া পলিচি অনুসৰি টুইটাৰে সম্বিত পাত্ৰৰ টুইটক ফ্ল্যাগ কৰে।
এই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে টুইটাৰলৈ এখন জাননী জাৰি কৰিছিল। সেই জাননী প্ৰেৰণ কৰাৰ কিছুসময় পাছতেই গুৰুগ্ৰামৰ টুইটাৰৰ কাৰ্যালয়ত দিল্লী আৰক্ষীয়ে অভিযান চলায়।
ইয়াৰ পূৰ্বে সম্বিত পাত্ৰকে ধৰি ৫গৰাকী বিজেপি নেতাৰ টুইটক ‘মেনিপুলেটেড মিডিয়া’ ট্যাগ দিছিল টুইটাৰে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা টুইটাৰক সেই ট্যাগ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। তাৰপাছতে টুলকিট সম্বন্ধীয় সেই টুইটসমূহৰ পৰা ‘মেনিপুলেটেড মিডিয়া’ ট্যাগ উঠাই দিয়া হয়।
কেন্দ্ৰীয় ইলেকট্ৰনিকছ তথা তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে টুইটাৰক কঠোৰ ভাষাৰে এখন জাননী প্ৰেৰণ কৰিছে। বিজেপি নেতাসকলৰ টুইটক ‘মেনিপুলেটেড ট্যাগ’ দিয়াটো পক্ষপাতিত্বমূলক তথা একপক্ষীয় বুলি দাবী কৰা হৈছে।
উল্লেখযোগ্য যে শেহতীয়াভাৱে টুলকিট সম্বন্ধীয় এটা টুইট কৰি বিজেপিয়ে কংগ্ৰেছৰ ওপৰত চাপ সৃষ্টি কৰিব বিচাৰিছিল।
সেই উদ্দেশ্যে বিজেপিৰ প্ৰধান মুখপাত্ৰ সম্বিত পাত্ৰই কেইদিনমান পূৰ্বে কৰা এটা টুইটত দাবী কৰিছিল যে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰ্যাদা হানি কৰিবলৈ কৰ’না ভাইৰাছক লৈ ৰাজনীতি কৰিব বিচাৰিছে। অৱশ্যে, কংগ্ৰেছে সম্বিত পাত্ৰৰ সেই দাবী প্ৰত্যাখ্যান কৰিছিল।